বলীউডৰ কৰ্মীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ উদ্ধৱ ঠাকৰেক টিকা ক্ৰয় কৰাৰ আবেদন যশৰাজ ফিল্মছৰ

Yash Raj Films Logo

কৰ’না ভাইৰাছৰ দ্বিতীয়ে ঢৌয়ে আক্ৰমণ কৰিছে বলীউডক। তাৰকাবোৰৰ স’তে, ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত বহু কলাকুশলীও । যশৰাজ প্ৰযোজনা প্ৰতিষ্ঠানটোৱে সেয়েহে উদ্যোগটোৰ কাম সুচাৰুৰূপে চলাবলৈ নতুন প্ৰচেষ্টা হাতত লৈছে ।

প্ৰযোজনা প্ৰতিষ্ঠানটোৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক উদ্যোগটোৰ ফেডাৰেচনৰ ৩০হেজাৰ কৰ্মচাৰীৰ বাবে ভেকছিন ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। যশৰাজ ফিল্মছৰ দ্বাৰা এক মে’ত ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লয়িজলৈ লিখা এখন পত্ৰত এই কথা কোৱা হৈছে ।

কামটো যশ চোপ্ৰা ফাউণ্ডেচনৰ জৰিয়তে সম্পূৰ্ণ হ’ব। কেৱল টিকাকৰণেই নহয়,সেই কৰ্মচাৰীসকলৰ কৰ’না ভাইৰাছ বিষয়ে সতৰ্ক কৰা ,তেওঁলোকৰ যাতায়ত আৰু সুৰক্ষাৰ সমস্ত খৰছ বহন কৰিব এই সংস্থাটোয়ে । এই সংকটৰ সময়ত আক্ৰান্ত হৈ যাতে কৰ্মৰ পথ বন্ধ নহয় ,সেই বাবেই মূলতঃ এই পদক্ষেপ।

কিন্তু এইটোৱে প্ৰথম নহয়, বিগত বৰ্ষত তলাবন্ধত একেদৰেই সহায়ৰ হাত আগ বঢ়াইছিল ‘যশৰাজ ফিল্মছ’ৰ তিনি হেজাৰ কৰ্মচাৰীক সেই সময়ত মাহে পাঁচ হেজাৰ টকাকৈ দিয়া হৈছিল ।

Exit mobile version