বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ, কৰ’না অতিমাৰীৰ ফলত এপ্ৰিলত কৰ্মসংস্থাপন হেৰুৱালে ৭০ লাখ লোকে

1495104560 IvyhMd job seekers

বিগত বৰ্ষত ভাৰতত ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত উদ্বেগজনক হাৰত বৃদ্ধি পাইছিল নিবনুৱা সমস্যা । তলাবন্ধৰ ফলত কৰ্মসংস্থাপন হেৰুৱাইছিল বহু লোকে । তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ পাছত অৰ্থনৈতিক কাজকৰ্ম আৰম্ভ হোৱাত পুনৰ কামত যোগ দিছিল বহুতে । সম্প্ৰতি এক সমীক্ষাত দাবী কৰা হৈছে যে, ক’ভিডৰ দ্বিতীয় ঢৌৰ ফলত পুনৰ কৰ্মসংস্থাপন হেৰুৱাব লৈছে । কেৱল এপ্ৰিলতে ভাৰতত প্ৰায় ৭০ লাখ লোকে চাকৰি হেৰুৱাইছে ।

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিক প্ৰাইভেট (চিএম‌আইই) এক বেচৰকাৰী সংস্থাই জনায় যে, ভাৰতত মাৰ্চত নিবনুৱাৰ হাৰ আছিল ৬.৫ শতাংশ । এপ্ৰিলত ইয়াৰ হাৰ বৃদ্ধি হৈ হয় গৈ ৭.৯৭ শতাংশ ।

চিএম‌আইই-ৰ মেনেজিং ডিৰেক্টৰ মহেশ ব্যাসে কয়, ‘দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে । কিছুসংখ্যক ৰাজ্যত তলাবন্ধ জাৰি কৰাৰ বাবেই হয়তো এই হাৰ বৃদ্ধি পাইছে । সংক্ৰমণৰ হাৰ অধিক বৃদ্ধি পোৱাৰ বাবে আৰু প্ৰশাসনে ক’ভিড যুঁজত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে মে’তো এনে পৰিস্থিতিয়ে থাকিব । অৰ্থাৎ নিবনুৱাৰ হাৰ আৰু বৃদ্ধি পাব ।’

সমীক্ষা অনুযায়ী, উৎপাদনকাৰী সংস্থাসমূহত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে । ইয়াৰ এটা কাৰণ হ’ব পাৰে, চৰকাৰী নিৰ্দেশ অনুযায়ী কৰ্মীৰ সংখ্যা কম ৰাখিবৰ বাবে বহু সংস্থাই কৰ্মী ওলিয়াই দিছে । আন এটা কাৰণ হ’ব পাৰে, বহিঃ ৰাজ্যত কৰ্মৰত লোকৰ একাংশই নিজ ৰাজ্যত উভতি অহাৰ চেষ্টা কৰিছে । প্ৰয়োজনত চাকৰি ত্যাগ কৰিছে তেওঁলোকে । এই যৌথ কাৰণতে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ।

কৰ’না পৰিস্থিতিৰ বাবে একাধিক বিধিনিষেধ জাৰি কৰাৰ ফলত বহু সেৱা প্ৰায় বন্ধ হৈ পৰিছে । সেয়ে এই সেৱাবোৰৰ স’তে জড়িত হৈ থকা বহু লোককে সংস্থাৰ পৰা ওলিয়াই দিয়া হৈছে । অৰ্থাৎ কৰ’নাৰ প্ৰথম ঢৌত যি সমস্যাই দেখা দিছিল, সেই সমস্যা পুনৰ উভতি আহিছে ।

কৰ’না অতিমাৰীৰ প্ৰথম ঢৌত দেশজুৰি তলাবন্ধ ঘোষণা কৰা হৈছিল । সেই সময়ৰ নিবনুৱাৰ হাৰতকৈ এইবাৰৰ হাৰ অধিক হ’ব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । শীঘ্ৰে এই সমস্যাৰ সমাধান নকৰিলে ভাৰতে নিবনুৱা বৃদ্ধিৰ পৰিমাণটো অভিলেখ ভংগ কৰিব বুলি শংকা কৰিছে তেওঁলোকে ।

Exit mobile version