হাউলীত পথ দূৰ্ঘটনা, থিতাতে নিহত ক্ষুদ্ৰ ব্যৱসায়ী

road accident 1

হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘ‍াইপথৰ পানচৈ ধাৱাৰ সন্মুখত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।দূৰ্ঘটনাটোত থিতাতে নিহত হয় এজন ব্যৱসায়ী ।

ADVERTISEMENT

তথ্য অনুসৰি লোকজনে পুৱাৰ ভাগত বজাৰ কৰি চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাতে এ এচ ০১এলচি ৩৯৫৯ নম্বৰৰ বাছখনে মহতিয়াই নিয়াৰ ফলতে থিতাতে নিহত হয় লোকজনৰ ।

নিহত লোকজন হাউলীৰ দমন নাথ ।দুৰ্ঘটনা সংঘটিত কৰা বাছ খনে বৰপেটা ৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ।নিহত হোৱা লোকজনে হাউলীৰ চাৰিআলিত এখন ক্ষুদ্ৰ পান দোকানেৰে জীৱন নিৰ্বাহ কৰি আছিল ।তেখেতে মৃত্যুৰ সময়ত পত্নীসহ এজনী কন্যাৰ এই ইহ সংসাৰত এৰি থৈ যায় ।

Exit mobile version