হাজিৰা কৰা ব্যক্তিৰ পত্নী বিধানসভালৈ নির্বাচিত হ’ল পশ্চিমবংগত

1620030233 santora 1

পশ্চিমবংগৰ বাংকুড়া জিলাৰ চালতােড়া সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী চন্দনা বাউৰীয়ে নির্বাচনত জয়লাভ কৰিলে। চন্দনাই তৃণমূল কংগ্ৰেছৰ প্রার্থী সন্তোষ কুমাৰ মণ্ডলক চাৰি হেজাৰৰাে অধিক ভােটত পৰাস্ত কৰে।

এই সমষ্টিটোৱে বিশেষ চর্চা লাভ কৰাৰ কাৰণ হৈছে বিজেপিৰ প্রার্থীগৰাকীৰ আর্থিক অৱস্থা চন্দনাৰ স্বামী এজন দিন হাজিৰা কৰা ব্যক্তি। গাঁৱৰ এটা মাটিৰ জুপুৰী ঘৰত চন্দনাই স্বামীসহ বাস কৰে।

নির্বাচনৰ শপতনামাত চন্দনাই উল্লেখ কৰা মতে, বেংকত তেওঁৰ ৬,৩৩৫ টকা জমা আছে আৰু স্বামীৰ একাউণ্টত আছে মাত্র ১,৫৬১ টকা। চন্দনাৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩১,৯৮৫ টকা আৰু স্বামীৰ সম্পত্তি হৈছে ৩০,৩১১ টকাৰ।

চন্দনা বা স্বামীৰ কোনাে ভূমি সম্পত্তি নাই। পশুধন হিচাপে তিনিজনী গাই আৰু তিনিটা ছাগলী তেওঁৰ আছে। চন্দনাই দ্বাদশ শ্রেণীলৈকে আৰু তেওঁৰ স্বামীয়ে অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰিছিল।

চন্দনা আৰু স্বামী উভয়ে মনৰেগাৰ শ্ৰমিক। এনে দৰিদ্ৰ পৰিয়ালৰ লােক হােৱাৰ পাছত বিজেপিৰ টিকটত চন্দনাই সমষ্টিটোত জয়লাভ কৰা ঘটনাই বিশেষ চর্চা লাভ কৰিছে।

Exit mobile version