অহা ১২ মে’ৰ পৰা দুসপ্তাহৰ বাবে সমগ্র ৰাজ্যজুৰি তলাবন্ধৰ ঘোষণা কৰা কথা ভাবিছে কৰ্ণাটক চৰকাৰে । এসপ্তাহ নৈশ সান্ধ্যা আইন দিয়াৰ পাছতো সংক্ৰমণৰ হ্রাস কৰিবলৈ সক্ষম হোৱা নাই কৰ্ণাটকত সেইবাবে চৰকাৰে এইবাৰ এটা ডাঙৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে।
ৰাজ্যিক কেবিনেটে মঙলবাৰে তলাবন্ধৰ ঘোষণা কৰা হ’ব নে নহয় সেই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিছিল। মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাই তেতিয়া সাংবাদিকক কয় যে কেবিনেটে ১২ মে’ত পুনৰ পৰিস্থিতিটো চোৱা-চিতা কৰিব। তাৰ পাছত তলাবন্ধ জাৰী কৰা হ’ব নে নহয় সিদ্ধান্ত লোৱা হ’ব। চৰকাৰী সূত্ৰই কয় যে তলাবন্ধটো আৰম্ভণিতে কৰ্ণাটকত দুসপ্তাহৰ বাবে বিবেচনা কৰা হৈছে।
মঙলবাৰে কেবিনেট বৈঠকত এসপ্তাহৰ কাৰফিউৰ পাছতো সংক্ৰমণৰ হাৰ কিয় কমাব পৰা নাই সেই বিষয়েও আলোচনা কৰা হৈছিল। তাত ভিতৰত তিনিটা কাৰণ উত্থাপিত হৈছে ।
(১) কাৰফিউ কালতো সমগ্ৰ ৰাজ্যতে উৎপাদন আৰু নিৰ্মাণ আৰু পোছাক নিৰ্মাণ কাৰখানা খোলা আছিল।
(২) সেই কাৰখানাবোৰ ৫০ শতাংশ কৰ্মচাৰীৰ স’তে চলোৱা হয়। সেই কাৰখানাবোৰে তাতকৈ বেছি কৰ্মশক্তি হ্ৰাস কৰিব নোৱাৰিলে।
(৩) কৰ্ণাটকৰ বিভিন্ন জিলাত বাংগালুৰুৰ পৰা কৰ্ণাটকলৈ কাৰফিউৰ সময়তো ট্ৰাক আৰু যান-বাহন অব্যাহত আছিল।
চৰকাৰী সূত্ৰই কয় যে মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাই বিচাৰে যে কৰ্ণাটকত তলাবন্ধ মে’ মাহৰ শেষলৈকে অব্যাহত থাকিব।