ৰসগোল্লা বিতৰণ কৰি বিপদত পৰিল দুই যুৱক, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

1ncrv078 hapur police arrested 2 people with 20kg

ৰসগোল্লা বিতৰণ কৰি বিপদত পৰিল দুই যুৱক । আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ । ঘটনাটো সংঘটিত হয় বুধবাৰে উত্তৰ প্ৰদেশৰ হাপুৰত ।

কৰ’না ভাইৰাছ মহামাৰীৰ সময়ত কৰ’না নিয়ম উলংঘা কৰাৰ বাবে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে । ২০ কিলোগ্ৰাম ৰসগোল্লাৰ লগতে জব্দ কৰা হৈছে দুই যুৱকক।

হাপুৰ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত টুইট কৰে যে, সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত ৰসগোল্লা বিতৰণ কৰি আছিল এই দুই লোকে । বহুতো মানুহ ভিৰ কৰি সেই বিতৰণ কৰা ৰসগোল্লা খাবলৈ ভিৰ কৰিছিল । সেইকাৰণে আৰক্ষীয়ে কৰ’না বিধি উলংঘা কৰাৰ বাবে দুজন লোকক জিম্মাত লৈছে।

কৰ’নাৰ এই ভয়ংকৰ পৰিস্থিতিত উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন আৰু তামিলনাডু, কেৰালা, পুডুচেৰী, অসম আৰু পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।

দুই মে’দেওবাৰে সকলো ঠাইতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। নিৰ্বাচন আয়োগে কঠোৰভাৱে জনাইছে যে কোনো ঠাইতে বিজয় যাত্ৰা বা উৎসৱ উদযাপন কৰিব নোৱাৰিব। অৱশ্যে, ৰসগোল্লা বিতৰণৰ বাবেই আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছিল।

হাপুৰ আৰক্ষীয়ে টুইটাৰত প’ষ্ট কৰিছে, “হাপুৰ গ্ৰাম্য আৰক্ষীয়ে ক’ভিড ১৯ মহামাৰীৰ নিয়ম উলংঘা কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ১৪৪ ধাৰাৰ অধীনত ভিৰৰ মাজত ৰসগোল্লা বিতৰণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা প্ৰায় ২০ কিলোগ্ৰাম ৰসগোল্লা উদ্ধাৰ কৰা হৈছে। ‘

Exit mobile version