আমেৰিকাত উদ্ধাৰ কমেও এশ বছৰীয়া বিশালকায় মাছ

AR 210509955

সাধাৰণতে কোৱা হয় যে তিমি মাছ আৰু কাছহে এশ বছৰ পর্যন্ত জীয়াই থাকে। কিন্তু শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ডেট্রয়েটৰ দক্ষিণ অঞ্চলৰ এটা নদীত এনে এটি মাছ উদ্ধাৰ হৈছে যাৰ বয়সাে কমেও এশ বছৰ বুলি বিজ্ঞানী মহলে ধাৰণা কৰিছে।

যুক্তৰাষ্ট্র ফিছ এণ্ড ৱাইল্ড লাইফ ছাৰ্ভিচৰ দলে এই মাছটো ধৰিবলৈ সক্ষম হয়। মাছটোৰ ওজন হ’ল এশ আঠ কিলােগ্রাম, দৈর্ঘ্য হ’ল সাত ফুট আৰু প্রস্থ চাৰি ফুট। তেওঁলােকে মাছটোৰ নাম দিছে ‘ৰিয়েল লাইফ ৰিভাৰ মনষ্টাৰ।

মাছটো ষ্টাৰজন প্রজাতিৰ স্ত্রীমাছ বুলিও বিজ্ঞানী মহলে প্রকাশ কৰিছে। ইতিমধ্যে মাছটোৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে। মাছটোৰ ছবি প্রত্যক্ষ কৰি বিভিন্নজনে নানান মন্তব্য কৰিছে।

কোনােবাই লিখিছে, যিয়ে নহওক নদীটোত হােৱা প্ৰদূষণৰ মাজতাে মাছটো জীয়াই আছে। কোনােবাই আকৌ লিখিছে, ‘ডেট্রয়টৰ এই নদীটোত ইমান দিন ধৰি যে কোনাে মাছ জীয়াই আছে সেয়া দেখি ভাল লাগিছে।

বিগত এশ বছৰৰ অলেখ ঘটনা প্রবাহ, উত্থান-পতন সাক্ষী এই মাছটো বুলিও চর্চা চলিছে।

Exit mobile version