আপােনাৰাে আছে নেকি সাঁচতীয়া সােণৰ গহনা ?

জানি থওক এই নিয়ম, অন্যথা ৰােষত পৰিব পাৰে আয়কৰ বিভাগৰ

headline GOLD 16

ভাৰতীয়সকলে যিবােৰ বিনিয়ােগ বিকল্প আটাইতকৈ বেছি পছন্দ কৰে তাৰ ভিতৰত সবাতােকৈ জনপ্রিয়বিধ হৈছে সােণ। চাবলৈ গ’লে ভাৰতীয়সকলক মাথোঁ এক অজুহাতহে লাগে সােণ কিনিবলৈ।

ADVERTISEMENT

জন্মদিন, বিবাহ বার্ষিকীৰ পৰা দীপাৱলী, লক্ষ্মী পূজালৈ একো এটা পার্বণেই যেন বাদ নপৰে। কিন্তু আয়কৰ নীতি অনুযায়ী এজন ব্যক্তিয়ে কিমান পৰিমাণৰ সােণ নিজৰ সম্পত্তি হিচাপে ৰাখিব পাৰে সেই সম্পর্কে আজিৰ তাৰিখতাে বহুজন অজ্ঞ।

এনে অজ্ঞতাই আপােনাকো কেতিয়াবা আইনৰ মেৰপেচত পেলাব পাৰে। আহকচোন এই বিষয়ে জানি থওঁ কিছু কথা.. আয়কৰ আইন অনুযায়ী, বিল নাথাকিলে এক নির্দিষ্ট সীমা পর্যন্তহে নিজৰ নামত সােণ ৰাখিব পাৰি।

কেন্দ্রীয় প্রত্যক্ষ কৰ পৰিষদ চমুকৈ চিবিডিটিৰ দ্বাৰা ধার্য কৰা নীতি অনুযায়ী এক নির্দিষ্ট সীমাতকৈ অধিক পৰিমাণৰ সােণ ৰখাটো আইনমতে দণ্ডনীয়। কেৱল সেয়াই নহয়, সােণ ক্ৰয় কৰাৰ ক্ষেত্ৰতাে একেই নীতি প্রযােজ্য। আয়কৰ ৰিটাৰ্ণৰ সময়ত এই বিষয়ে স্পষ্টকৈ উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে ।

আজিকালি আয়কৰ আইন অনুযায়ী, এগৰাকী বিবাহিতা মহিলাই বিল অবিহনে সর্বোচ্চ ৫০০ গ্রাম পর্যন্ত সােণ ৰাখিব পাৰে। বিপৰীতে, অবিবাহিতা মহিলাৰ ক্ষেত্ৰত এই সীমা ২৫০ গ্রাম মাত্র। আনহাতে, এগৰাকী অবিবাহিতা পুৰুষৰ ক্ষেত্ৰত এই পৰিমাণ আৰু কম।

মুঠ এশ গ্রাম পর্যন্ত সােণহে নিজৰ লগত ৰাখিব পাৰে এনে ব্যক্তিয়ে। ইয়াৰ ভিতৰত সােণৰ গহনাৰ পৰা আৰম্ভ কৰি সােণৰ মুদ্রা, বাৰ ইত্যাদি সকলােখিনিয়ে পৰিব। আনহাতে, উত্তৰাধিকাৰ সূত্রে যদি কোনাে ব্যক্তিয়ে চিবিডিটিৰ দ্বাৰা নির্ধাৰিত পৰিমাণতকৈ অধিক সােণ পায় তেন্তে সেই বিষয়ে আয়কৰ ৰিটার্ণ দাখিল কৰাৰ সময়তে উল্লেখ কৰাটো অত্যন্ত জৰুৰী।

লগতে তেনে সােণৰ দ্ৰুক্ত মূল্যায়ন কৰি পেলােৱাটোও সমানেই গুৰুত্বপূর্ণ। অন্যথা আইনৰ ৰােষত পৰিব পাৰে তেনে ব্যক্তি। স্মর্তব্য, আয়কৰ প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ উদ্দেশ্যেই ২০১৬ত এই নীতি পােনপ্ৰথমবাৰৰ বাবে প্রবর্তন কৰা হৈছিল।

Exit mobile version