‘কৌন বনেগা ক্রোড়পতি’ লৈ পুনৰ আহিব বিগ-বি

Prabhatkhabar 2020 09 eae17816 6068 4283 a6a5 b0901069181e amitabh bachchan charge for kbc 12

টেলিভিছনৰ অন্যতম জনপ্রিয় অনুষ্ঠান ‘কৌন বনেগা ক্রোড়পতি’। অধিকাংশ লােকেই মতপ্রকাশ কৰি আহিছে যে এই পর্যন্ত হােৱা ১২টা সত্ৰৰ গগনচুম্বী জনপ্রিয়তাৰ মূলতে হৈছে সঞ্চালকৰূপে অমিতাভ বচ্চনৰ বুদ্ধিদীপ্ত উপস্থিতি।

কৰ’না অতিমাৰীত আক্রান্ত হােৱাৰ পাছত ‘কৌন বনেগা ক্রোড়পতি’ৰ ত্রয়ােদশ সত্ৰক লৈ শীঘ্রেই অনুৰাগীৰ সন্মুখলৈ আহিব বিগ-বি। যােৱাবাৰ এই কিংবদন্তি অভিনেতাজনে ‘কৌন বনেগা ক্রোড়পতি’ৰ দ্বাদশ সত্রও সঞ্চালনা কৰিছিল।

সেইবাৰ কৰ’নাৰ সংক্রমণ ৰােদর বাবে সকলাে বিধি মানি তেওঁ অনুষ্ঠান সঞ্চালনা কৰিছিল। অৱশ্যে ইয়াৰ পাছত তেওঁ নিজেও কৰ’নাত আক্রান্ত হয়। অৱশ্যে কিছুদিনৰ পাছত সুস্থ হৈ ইতিমধ্যে ছবিৰ চিত্ৰগ্ৰহণৰ কামাে অমিতাভে আৰম্ভ কৰিছিল।

অৱশ্যে সম্প্রতি কৰ’নাৰ ভয়াৱহ সংক্রমণৰ বাবে সকলাে চিত্রগ্রহণ বন্ধ হৈ আছে। ইয়াৰ মাজতে বলিউদৰ শ্বাহেনশ্বাহ সাজু হৈছে। দর্শকৰ আগত অনুষ্ঠানৰ ত্রয়ােদশ সত্ৰ সঞ্চালনা কৰিবলৈ।

উল্লেখ্য যে কৰ’নাত আক্রান্ত হােৱাৰ পাছত তেওঁক এই পর্যন্ত কোনাে টিভিৰ অনুষ্ঠান বা ছবিত অনুৰাগীয়ে দেখা নাই। যি কেইখন ছবিত তেওঁ কাম কৰিছে, সেই কেইখন এতিয়াও মুক্তি দিয়া নাই। সম্প্রতি ‘কৌন বনেগা ক্রোড়পতি’ৰ বাবে প্রতিযােগীৰ পঞ্জীয়নৰ বাবে ছনী টিভিৰ তৰফৰ পৰা ইনষ্টাগ্রামত এটা সৰু ভিডিঅ’ প’ষ্ট কৰা হৈছে।

তাতেই দেখা গৈছে অমিতাভে খােজকাঢ়ি আহি ‘কৌন বনেগা ক্রোড়পতি’ অনুষ্ঠানৰ ছেটত প্ৰৱেশ কৰিছে। ইয়াৰ পাছত তেওঁ সকলােকে ১০ মে’ৰ পৰা পঞ্জীয়ন কৰাবলৈ আহ্বান জনায়। সকলােৰে বাবে অনুষ্ঠানৰ হটছিট’অপেক্ষাৰত বুলিও বিগ-বিয়ে কয়। অমিতাভৰ এই আহ্বানৰ পাছতে অনুৰাগীৰ মাজত প্ৰৱল উল্লাস পৰিলক্ষিত হৈছে।

Exit mobile version