নাজিবাহিনীৰ পতিতালয়ৰ প্ৰাসাদত হিটলাৰৰ গুপ্তধন

1620441308 2

সন্ধান ওলাল নাৎসী শাসক হিটলাৰৰ ৪৮ টা বাকচত থকা গুপ্তধনৰ। যাৰ আনুমানিক মূল্য ৫০ কোটি পাউণ্ড বুলি গুপ্তধন সন্ধানকাৰী চুৰি চক্রই দাবী কৰিছে। দক্ষিণ পােলেণ্ডৰ এটা প্রাসাদত লুকাই ৰখা অৱস্থাত উদ্ধাৰ হােৱা এই গুপ্তধন অতি সংগােপনে ততাতৈয়াকৈ চুৰি কৰাৰ চেষ্টা কৰিছিল চোৰাং গুপ্তধন সৰবৰাহকাৰী চক্ৰটোৱে।

উল্লেখ্য যে ১৮ শতিকাত তদানীন্তন প্রছিয়াৰ জেনেৰেল ফ্রেডৰিখ ভিলহেল্ম ভেন ছেদলিৎজেয়ে দক্ষিণ পােলেণ্ডৰ মিনকওস্কিইয়েত সজোৱা এই অট্টালিকাটোৰ ভিতৰত উদ্ধাৰ হৈছে এসময়ৰ প্রবল প্রতাপী জার্মানীৰ শাসকজনৰ এই গুপ্তধন।

উল্লেখ্য যে সম্প্রতি ছিলেছিয়ান ব্রীজ ফাউণ্ডেচনৰ অধীনস্থ এই প্রাসাদটো। দীর্ঘদিন ধৰি প্রাসাদটো লীজত লৈছে সংস্থাটোৱে। এই সংগঠনৰ এজন বিষয়া ৰােমান ফামানিয়াকেৰ নেতৃত্বত চলিছিল গুপ্তধনৰ সন্ধান।

মিনকওস্কিইয়েৰ এই প্রাসাদটোত এসময়ত বহুলােকৰ সঘন যাতায়াত আছিল। ইয়াৰ ভিতৰত অন্যতম আছিল হিটলাৰৰ সেনাবাহিনীত কৰ্মৰত ভন ষ্টেইন নামৰ সেনা বিষয়াজনৰ। এই প্রাসাদতে বাস কৰিছিল ভনৰ প্রেমিকাই।

প্রেমিকাক দেখা কৰিবলৈ আহি কেতিয়াবা কেতিয়াবা প্রাসাদত থকা হিটলাৰৰ সেনা বিষয়াজনে এই প্ৰাসাদতে গুপ্তধন লুকাই ৰখাৰ নিৰাপদ স্থানৰূপে বাছি লৈছিল। ভনৰ দৰে হিটলাৰৰ সেনাবাহিনীৰ আন বহুতেও এই প্রাসাদতে সােণ, ৰূপকে ধৰি মূল্যবান সামগ্রী লুকুৱাই ৰাখিছিল।

উল্লেখ্য যে মিনকওস্কিইয়েৰ এই প্রাসাদটো আছিল আচলতে নাজি বাহিনীৰ পতিতালয়। সেই সূত্রে এই প্রাসাদলৈ আগমন ঘটিছিল ভনৰ লগতে হিটলাৰৰ সেনাবাহিনীৰ সদস্যসকলৰ। বিশেষকৈ সেনাবাহিন প্রভাৱশালী লােকসকলৰ অবাধ যাতায়াত আছিল।

সেনা বিষয়াৰ নিদের্শমর্মে সােণ, ৰূপৰ গহনাকে ধৰি আন মূল্যৱান সামগ্রী লুকুৱাই থােৱা হৈছিল এই প্ৰসাদৰ ভিতৰত। উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত এই গুপ্তধনৰ জৰিয়তে হিটলাৰৰ সাম্রাজ্য পুনৰুদ্ধাৰ কৰা। ইফালে, ছিলেছিয়ান ব্রীজ ফাউণ্ডেছনে এই প্রাসাদটো লীজত লােৱাৰ সময়ত সেনা বিষয়া ভনে প্রেমিকালৈ লিখা এখন চিঠি লগতে উদ্ধাৰ কৰা হৈছে আন কেতবােৰ নথিপত্রও।

উদ্ধাৰ হােৱা এই সমগ্র নথিপত্ৰৰ ভিতৰত ১১ খনত গুপ্তধনৰ সন্ধান পােৱা গৈছিল। যত গুপ্তধন ৰক্ষণাবেক্ষণৰ বাবে প্রেমিকাক অনুৰােধ কৰিছিল সেনা বিষয়া ভনে। ইপিনে, পােলেণ্ডৰ ৰােজটোকাৰ এটা প্রাসাদতাে গুপ্তধনৰ সন্ধান থকা বুলি ওলাইছে। কিন্তু এই প্রাসাদৰ ৬৪ মিটাৰ গভীৰত গুপ্তধন লুকাই ৰখা হৈছে।

যিটো উদ্ধাৰ কৰাটো একপ্রকাৰ অতি কষ্টকৰ। ইয়াৰ তুলনাত মিনকওস্কিইয়েৰ প্রাসাদৰ তলত লুকাই ৰখা ৪৮ টাকৈ বাকচৰ গুপ্তধন উদ্ধাৰ কৰাটো অতি সহজ কাম বুলি প্রমাণিত হৈছে। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ পিনে এই সম্পত্তি চুৰি কৰা হৈছিল বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে। তদুপৰি সেই অঞ্চলৰ বিত্তবান জার্মান নাগৰিকসকলে সেই সময়ৰ ৰাছিয়ান সেনাৰ আগ্রাসনৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে মূল্যৱান গহনাসহ আন সামগ্রী হিটলাৰ বাহিনীৰ ওচৰত জমা দিছিল।

এই গুপ্তধনৰ বেছিভাগেই আর্থিকভাৱে সবল জার্মান লােকসকলৰ। প্রাসাদৰ বিভিন্ন স্থানত লুকুৱাই ৰখা হৈছিল এই সম্পত্তিসমূহ। নীলা নক্সা প্রস্তুত কৰি এই ধনসমূহ উদ্ধাৰৰ চেষ্টা কৰা হৈছে। অনুসন্ধানত ৰাছিয়াৰ সেনাই পােলেণ্ড দখলৰ সময়ত জার্মান সেনা বিষয়া ভনৰ প্রেমিকাই নাম সলনি কৰি এই প্রাসাদত আছিল বুলি পােহৰলৈ আহিছে।

ভনৰ প্রেমিকাই ৰাছিয়াৰ সেনাবাহিনীৰ এজন বিষয়াৰ স’তে বিবাহ পাশত আবদ্ধ হৈছিল যদিও প্রেমিক ভনৰ অনুৰােধ মর্মে গুপ্তধনৰ বিষয়টো চিৰজীৱন লুকুৱাই ৰাখিছিল। পৰৱৰ্তী সময়ত ৰাছিয়ান সেনাবাহিনীৰ সদৰ কার্যালয়ত পৰিণত হয়। প্রাসাদটো পর্যায়ক্রমে নগৰ উন্নয়ন কার্যালয় আৰু পৰৱৰ্তী সময়ত চিনেমা গৃহত পৰিণত হয়।

কিন্তু প্রাসাদটোত লুকাই ৰখা গুপ্তধনৰ কোনাে সন্ধান ওলােৱা নাছিল। এসময়ত মানুহৰ সমাগমৰে গমগমাই থকা প্রাসাদটো আজি ভগ্নপ্রায় যদিও ইয়াৰ ভিতৰতে এতিয়া ওলাইছে কোটি কোটি টকাৰ সম্পত্তি।

Exit mobile version