কৰ’না প্ৰতিষেধক ল’লে বিৰাট কোহলিয়ে, দেশবাসীক অতি শীঘ্ৰেই টিকাকৰণ কৰিবলৈ আহ্বান জনায় খেলুৱৈগৰাকীয়ে

v93iv5r8 virat kohli covid shot

দেশত দিনক দিনে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ লগতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ এই পৰিস্থিতিত সকলো ঠাইতে বিভিন্নজনে ভেকছিন গ্ৰহণ কৰিবলৈ ভিৰ কৰিছে।

বিৰাট কোহলীয়ে সোমবাৰে প্ৰথমটো ভেকছিন গ্ৰহণ কৰে৷ ভাৰতৰ অধিনায়কজনে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ ছবিখন পষ্ট কৰি দেশবাসীক সোনকালে ভেকছিন ল’বলৈ আহ্বান জনায় ৷ তেওঁ লিখিছে, “যিমান সম্ভৱ সোনকালে টিকাকৰণ কৰক, সুৰক্ষিত হওক ৷”

বিৰাটৰ পৰৱৰ্তী গন্তব্য স্থান হৈছে ইংলেণ্ড যিহেতু কৰ’নাৰ বাবে আই পি এল মাজভাগত পিছুৱাই দিয়া হৈছে৷ ভাৰতে তাত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ উপৰিও ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট চিৰিজও খেলিব৷

বিচিচিআইয়ে ভাৰতীয় দলৰ সকলো ক্ৰিকেটাৰক সেই ভ্ৰমণৰ পূৰ্বে ভেকছিন লোৱাৰ ব্যৱস্থা কৰিছে৷ ভাৰতীয় প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু আজিংক্য ৰাহানে আগতেই ভেকছিন গ্ৰহণ কৰিছে৷ বিৰাটেও ভেকছিন লবলৈ পলম নকৰি আজি প্ৰতিষেধক গ্ৰহণ কৰে।

Exit mobile version