কৰ’না পৰিস্থিতিত শ্মশানত ভৰি পৰিছে মৃতদেহ, মৃতকৰ শৰীৰৰ পোছাক চুৰি কৰি ব্যৱসায় যোগী ৰাজ্যত

nqobonvg baghpat stealing

উত্তৰ প্ৰদেশত মৃতসকলৰ পোছাকৰ লগতে বগা বস্ত্ৰ‌ও চুৰি কৰি ব্যৱসায় কৰি আহিছে একাংশ ধৃত‌ই । চুৰি কৰা পোছাকবোৰত এক বিশেষ ব্ৰেণ্ডৰ ষ্টিকাৰ লগাই বিক্ৰী কৰা হয় দোকানত । যোগী ৰাজ্যত বিগত ১০ বছৰ ধৰি এইদৰেই ব্যৱসায় কৰি আহিছে এটা দলে । কৰ’না অতিমাৰীত ব্যৱসায় অধিক উন্নত হৈ উঠে । দেওবাৰে দলটোৰ সাতজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাঘপতত । আৰক্ষীয়ে জনায় যে, দলটোৰ পৰা ৫২০ খন চাদৰ, ১২৭ টা কুৰ্তা আৰু ৫২ খন শাড়ী উদ্ধাৰ কৰা হৈছে । লগতে নানা ধৰণৰ পোছাকো আছিল । এই পোছাকবোৰ বিগত কিছুদিনত মৃতসকলৰ শৰীৰৰ পৰা খুলি অনা হৈছে । কৰ’না অতিমাৰী পৰিস্থিতিত য’ত মৃতদেহৰ স্তূপ জমা হৈছে, সেই ঠাইতে এই ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে প্ৰশাসনৰ ।

আৰক্ষীয়ে জনায়, ধৃতসকলৰ ভিতৰত তিনিজন একেই পৰিয়ালৰ সদস্য । বিগত ১০ বছৰ ধৰি এই কাৰ্যত জড়িত হৈ আছে তেওঁলোক । স্থানীয় কিছুসংখ্যক ব্যৱসায়ীৰ স’তে তেওঁলোক চুক্তিবদ্ধ । দৈনিক সংগ্ৰহৰ বাবদ তেওঁলোকে তিনিশ টকাকৈ লাভ কৰে ।

আৰক্ষীয়ে লগতে জনায় যে, অন্য সময়ত হোৱা হ’লে ধৃতসকলৰ বিৰুদ্ধে কেৱল চুৰিৰ গোচৰে দাখিল হ’ল হয় । কৰ’না পৰিস্থিতিৰ বাবে অতিমাৰী আইনতো গোচৰ ৰুজু কৰা হৈছে ধৃত সাতজনৰ বিৰুদ্ধে ।

Exit mobile version