চাইবাৰ আক্ৰমণত স্তব্ধ আমেৰিকাৰ পাইপলাইন

JXBGKUR7LBMMVBJIIM2OFTSGXE

চাইবাৰ আক্ৰমণৰ বাবে থমকি গ’ল আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ পাইপলাইন সংস্থা ক’ল’নিয়েল পাইপলাইনৰ সকলো নেটৱৰ্ক । আমেৰিকাৰ পূৰ্ব উপকূলৰ প্ৰয়োজনীয় মুঠ ইন্ধনৰ প্ৰায় অৰ্ধেক সৰবৰাহ কৰে এই সংস্থাই । চোৰাংচোৱা বিভাগে আশংকা প্ৰকাশ কৰিছে যে, অৰ্থ আদায়ৰ উদ্দেশ্যেৰে পৰিকল্পনা কৰি শুকুৰবাৰে এই চাইবাৰ আক্ৰমণ কৰা হয় । হোৱাইট হাউচৰ মুখপাত্ৰ‌ই জনায় যে, শনিবাৰে পুৱাই ৰাষ্ট্ৰপতি জ’ বাইডেনক বিষয়টো সন্দৰ্ভত অৱগত কৰা হৈছে । সংস্থাটোৱে যাতে দ্ৰুত সমস্যা সমাধান কৰি ইন্ধনৰ যোগান অব্যাহত ৰাখিব পাৰে, সেই বিষয়েও সচেষ্ট প্ৰশাসন ।

ক’ল’নিয়েল পাইপলাইনে ৫,৫০০ মাইল পাইপলাইনৰ জৰিয়তে দৈনিক ২৫ লাখ বেৰেল গেছ’লিন, ডিজেল, জেট ফুৱেল আৰু অন্যান্য শক্তি সম্পদ সৰবৰাহ কৰে । সংস্থাটোৱে জনায়, শুকুৰবাৰৰ ঘটনাৰ ফলত সাময়িকভাৱে ইন্ধন সৰবৰাহ প্ৰক্ৰিয়া ব্যাহত হয় । প্ৰযুক্তিগত প্ৰক্ৰিয়াটো প্ৰভাৱ পৰে ।

এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া এই পৰ্যন্ত প্ৰাথমিক পৰ্যায়তে আছে । প্ৰশাসনৰ এজন প্ৰাক্তন অধিকাৰী আৰু দুখন শিল্প সংস্থাৰ সূত্ৰ অনুসৰি, এই আক্ৰমণ সংঘটিত কৰা হেকাৰসকল অপৰাধ জগতৰ স’তে জড়িত । এই আক্ৰমণৰ স’তে ‘ডাৰ্কছাইড’ জড়িত হৈ আছে নে নাই তাৰো তদন্ত কৰিছে তদন্তকাৰীসকলে । সংস্থাই চাইবাৰ নিৰাপত্তা বিষয়ক এটা ফাৰ্মক তদন্তত জড়িত কৰিছে ।

এফবিআইয়ে জনায়, পৰিস্থিতিৰ পৰ্যৱেক্ষণ কৰি থকা হৈছে । এই আক্ৰমণত কোন জড়িত হৈ আছে সেইটো এই পৰ্যন্ত স্পষ্ট হোৱা নাই । এই আক্ৰমণত কেনেকৈ হেকাৰসকলে আমেৰিকাৰ শক্তি সম্পদৰ পৰিকাঠামো উন্মুক্ত কৰি দিয়ে তাক লৈও চিন্তিত প্ৰশাসন ।

শুকুৰবাৰৰ আক্ৰমণৰ পাছত সাময়িকভাৱে কাম বন্ধ ৰাখে সংস্থাটোৱে । লগতে সংস্থাটোৱে জনায়, কেনেকৈ ঘটনাটো সংঘটিত হ’বলৈ পালে আৰু ভৱিষ্যতে কি পদ্ধতিৰে এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত বাধা আৰোপ কৰিব পাৰি তাৰো পৰ্যৱেক্ষণ কৰা হৈছে । বহু সময় ইন্ধন সৰবৰাহ স্তব্ধ হৈ যোৱাৰ ফলত গেছ’লিন পাম্পবোৰত মূল্য বৃদ্ধিৰ আশংকা ।

Exit mobile version