বতাহৰে বিয়পিছে ভাইৰাছ, ঘৰৰ বাহিৰত বেছি সময় নাথাকিব

WhatsApp Image 2020 12 19 at 8.27.27 AM

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন (চি ডি চি)-এ দাবী কৰা মতে, বর্তমানে ক’ভিড ভাইৰাছ। বতাহৰ জৰিয়তে বিয়পিব ধৰিছে।

দীর্ঘ সময় ধৰি ঘৰৰ বাহিৰত থাকিলে এজন ব্যক্তি এনে ভাইৰাছত সংক্রমিত হােৱাৰ শংকা আছে বুলি সকীয়নি দি চি ডি চিয়ে আমেৰিকাবাসীক ক’ভিডৰ সম্ভাৱ সংক্ৰমণৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ হলে প্রয়ােজনীয় কৰ’না বিধি পালন কৰাৰ লগতে বেছি সময় ঘৰৰ বাহিৰত নাথাকিবলৈ পৰামর্শ দিছে।

আমেৰিকা, ব্রিটেইন আৰু কানাডাৰ ছজন সদস্যৰ বিশেষজ্ঞ গােটে অধ্যয়ন চলাই লাভ কৰা তথ্য অনুসৰি ক’ভিড-১৯ ভাইৰাছ সম্প্রতি বতাহৰ জৰিয়তে সংক্রমিত হৈছে।

অৱশ্যে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ে আমেৰিকাৰ এই দাবী অস্বীকাৰ কৰিছে। ভাৰতৰ স্বাস্থ্য বিভাগৰ মতে, এই ভাইৰাছ বতাহৰ জৰিয়তে বিয়পাৰ কোনাে প্রমাণ এতিয়ালৈকে লাভ কৰা হােৱা নাই।

ক’ভিড ভাইৰাছ ব্যক্তিৰ পৰা ব্যক্তিলৈ সংক্রমিত হয় বুলি ভাৰতে দাবী কৰিছে। চি ডি চিৰ মতে, বতাহত থকা ক’ভিডৰ ভাইৰাছ উশাহ-নিশাহৰ জৰিয়তে মানৱ শৰীৰত প্ৰৱেশ কৰে।

মানৱ দেহত প্রৱেশ কৰাৰ পাছত ই হাওঁফাওঁত প্রথমতে সংক্রমণ আৰম্ভ কৰে আৰু পাছলৈ ৰােগ প্ৰতিৰােধ ক্ষমতা কম থকা ব্যক্তিক আন কে’বা ধৰণৰে ক্ষতি কৰিব পাৰে।

Exit mobile version