মস্তিষ্কৰ বিকাশৰ বাবে খাওক তিয়হ

concombre hollandais large

দৈনন্দিন খাদ্য তালিকাত প্ৰায়ভাগ লােকে তিয়ঁহ তালিকাভুক্ত কৰে। তিয়ঁহ কিছুমানে পাচলি হিচাপে আৰু আন কিছুমানে ফল হিচাপে ব্যৱহাৰ কৰে। তদুপৰি চালাডত ইয়াৰ সর্বাধিক ব্যৱহাৰ হয়। ৰান্ধি খােৱা আৰু কেঁচাই খােৱা তিয়ঁহৰ পৰা বিভিন্ন ধৰণে উপকাৰ পােৱা যায়।

★নিয়মীয়াকৈ তিয়ঁহ খালে স্নায়ৱিক সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★মস্তিষ্কৰ বাবেও ই তেনেই উপকাৰী বুলি কোৱা হয়।

★মেদবহুলতাৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি। যদিহে নিয়মীয়াকৈ তিয়ঁহ খায়।

★ক’লন কেন্সাৰৰ আশংকা হ্রাস কৰে।

★হজম শক্তি বৃদ্ধিত সহায়ক তিয়ঁহ।

★তিহত ৯৫ শতাংশই পানী থাকে। সেইবাবে নিয়মীয়াকৈ তিয়ঁহ খালে শৰীৰত সহজে পানীৰ অভাৱ নঘটে।

★উজ্জ্বল ছালৰ বাবে সদায় খাওক তিয়ঁহ।

★চুলি সৰা বন্ধৰ উপৰি উজ্জ্বলতা বৃদ্ধি কৰে।

★হৃদযন্ত্ৰৰ বিভিন্ন ৰােগ প্ৰতিৰােধতে সহায় কৰে তিয়ঁহে।

★ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতাে তিয়হ তুলনাবিহীন।

★শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষাত সহায়ক।

★তিহত থকা বিভিন্ন উপাদানে দাঁতৰ ৰােগাে প্রতিৰােধ কৰে।

★শৰীৰৰ বাবে অতিকৈ অপকাৰী পদার্থসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা অধিক।

★তিয়হ ৰান্ধি খােৱাতকৈ চালাড প্রস্তুত কৰি খালে বেছি উপকাৰ লাভ কৰাটো সম্ভৱ।

Exit mobile version