আমেৰিকাত বৃহৎ চাইবাৰ আক্রমণ হেকাৰে চুৰি কৰিলে এশ জিবি ডেটা

চাইবাৰ আক্রমণৰ পৰিণতিত বিশ্বৰ কোনাে দেশত জৰুৰীকালীন অৱস্থা ঘােষণা কৰাৰ ঘটনা প্রথম সংঘটিত হ’ল আমেৰিকাত। দেশখনত অলপতে এক বৃহৎ চাইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’ল আৰু ইয়াৰ পৰিণতিত চৰকাৰে আপাতকালীন অৱস্থা ঘােষণা কৰিবলৈ বাধ্য হ’ল।

প্রকাশিত বাতৰি অনুসৰি এইটোৱে হৈছে আমেৰিকাত এতিয়ালৈকে সংঘটিত হােৱা সবাতােকৈ বৃহৎ চাইবাৰ আক্ৰমণৰ ঘটনা। আমেৰিকাৰ এটা বৃহৎ ইন্ধন পাইপলাইনত হেকাৰে এই চাইবাৰ আক্রমণ সংঘটিত কৰিলে।

বিশেষজ্ঞসকলৰ মতে, কৰ’না মহামাৰীৰ পৰিণতিতে হেকাৰে এই চাইবাৰ আক্ৰমণ সংঘটিত কৰাৰ সুযােগ লাভ কৰিলে, কিয়নাে ভাইৰাছৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি উক্ত পাইপলাইনৰ স’তে জড়িত সৰহসংখ্যক অভিযন্তাই ঘৰৰ পৰা কম্পিউটাৰৰ জৰিয়তে কাম-কাজ কৰি আহিছে।

কল’নিয়ল পাইপলাইনৰে প্রতিদিনে ২৫ লাখ বেল খাৰুৱা তেল সৰবৰাহ হৈ আহিছে। আমেৰিকাৰ পূব উপকূলৰ ৰাজ্যসমূহত ডিজেল, গেছ আৰু জেট ইন্ধনৰ ৪৫ শতাংশ এই পাইপলাইনৰ জৰিয়তে সৰবৰাহ কৰা হয়। যােৱা শুকুৰবাৰে চাইবাৰ অপৰাধীয়ে এই পাইপলাইনত আক্রমণ সংঘটিত কৰিছিল।

ঘটনা সংঘটিত হােৱাৰ পাছত অঞ্চলটোত জৰুৰীকালীন অৱস্থা ঘােষণা কৰি প্রশাসনে পাইপলাইনৰ পৰিৱর্তে পথৰে ইন্ধনৰ যােগানৰ ব্যৱস্থা কৰিছে।

চাইবাৰ অপৰাধীয়ে উক্ত পাইপলাইনৰ ৱেবছাইটত আক্রমণ সংঘটিত কৰি প্রায় এশ জিবি ডেটা চুৰি কৰি নিয়ে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version