কৰ’নামুক্ত হােৱাৰ পাছত সলনি কৰক টুথব্রাছ : পৰামর্শ বিশেষজ্ঞৰ

toothbrush and toothpaste in hand 732x549 thumbnail

কৰ’নাত আক্ৰান্ত হৈ আৰােগ্য লাভ কৰা ৰােগীসকলক পূর্বে ব্যৱহাৰ কৰা টুথব্রাছ সলনি কৰিবলৈ পৰামর্শ দিলে চিকিৎসক বিশেষজ্ঞই।

দিল্লীৰ লেডী হাডিঞ্জ মেডিকেল কলেজৰ অধ্যাপক ডাঃ প্ৰৱেশ মেহৰাই এই পৰামৰ্শ দি কয়,‘কৰ’নামুক্ত হােৱাৰ পাছতাে দাঁতৰ ফাকত বা মুখৰ ভিতৰত ভাইৰাছৰ অৱশিষ্ট থাকিব পাৰে।

সেই ভাইৰাছে নতুনকৈ শক্তি আহৰণ কৰি আপােনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। তদুপৰি টুথব্রাছৰ জৰিয়তেও পৰিয়ালৰ আন সদস্যলৈ ভাইৰাছ সংক্রমিত হােৱাৰ শংকা থাকে।

সেয়েহে প্ৰথমবাৰ ক’ভিড পজিটিভ হােৱাৰ ২০ দিনৰ পাছত পুৰণা টুথব্রাছ নিৰাপদ কোনাে স্থানত পেলাই দিব লাগে আৰু নতুন ব্রাছ ব্যৱহাৰ কৰিব লাগে।

তদুপৰি জিভা পৰিষ্কাৰৰ বাবে ব্যৱহাৰ কৰা ‘টাং ক্লিনাৰ’ৰ ক্ষেত্ৰতাে একেই নিয়ম পালন কৰা উচিত। আকাশ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ দন্ত বিশেষজ্ঞ ডাঃ ভূমিকা মদনে কয়, সাধাৰণ জুৰ, চর্দি, কাহ, মুখৰ সংক্রমণ হ’লেও ব্রাছ আৰু টাং ক্লিনাৰ সলনি কৰিবলৈ পৰামর্শ দিয়া হয়।

তদুপৰি এডাল ব্রাছ বেছিদিন ব্যৱহাৰ কৰিব নালাগে। ক’ভিড ৰােগীয়ে ব্যৱহাৰ কৰা ব্ৰাছত ভাইৰাছ থাকি যাব পাৰে, সেয়েহে সুস্থ হােৱাৰ লগে লগে ব্ৰাছ সলনি কৰা জৰুৰী। তদুপৰি সুস্থ ৰােগীয়ে মাউথ বাশ্ব ব্যৱহাৰ কৰিব লাগে।

Exit mobile version