তৃতীয় পৰ্যায়ৰ পৰীক্ষণত সাফল্যতা জাইক’ভ ডি-ৰ

zydus biologic

প্ৰতিকূলতা অতিক্ৰম কৰি সমগ্ৰ দেশৰ দৰে পশ্চিম বংগটো তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণাৰ অন্ত পৰিল ভাৰতত তৈৰি প্ৰতিষেধক জাইক’ভ ডি-ৰ ।

ডিএন‌এ-ৰ জৰিয়তে প্ৰস্তুত কৰা এই প্ৰতিষেধকৰ পৰীক্ষামূলক গৱেষণাৰ প্ৰথম দুটা পৰ্যায় দেশৰ বিভিন্ন প্ৰান্তৰ এহেজাৰৰো অধিক স্বেচ্ছাসেৱকৰ ওপৰত প্ৰয়োগ কৰা হয় । এই দুই পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণাৰ ফলাফল পৰ্যৱেক্ষণ কৰি কেন্দ্ৰীয় বিশেষজ্ঞ কমিটিয়ে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান কৰে । এই পৰীক্ষামূলক গৱেষণাত ক্লিনিকেল ছাইটত পশ্চিম বংগৰ চৰকাৰী আৰু বেচৰকাৰী ছখন হাস্পতালৰ নাম উল্লেখ আছিল । অৱশ্যে এথিক্স কমিটিৰ অনুমোদন পত্ৰ লাভ কৰাৰ পাছতো মাত্ৰ দুখন বেচৰকাৰী হাস্পতালত এই প্ৰতিষেধকৰ পৰীক্ষণ কৰা হয় ।

পশ্চিমবংগৰ প্ৰতিষেধক গৱেষণাৰ সংযোগকাৰী প্ৰতিষ্ঠানৰ এজন কৰ্তা স্নেহেন্দু কোনাৰে কয়, ‘ছটা ছাইটত প্ৰায় ১০ হেজাৰ জনৰ ওপৰত এই প্ৰতিষেধক পৰীক্ষামূলকভাৱে প্ৰয়োগৰ লক্ষ্য কৰা হৈছিল । কিন্তু প্ৰয়োজনীয় স্বেচ্ছাসেৱক পোৱা নাযায় । সেয়ে আমি মাত্ৰ দুখন হাস্পতালত ১২০০ জনৰ ওপৰত পৰীক্ষণ কৰিবলগীয়া হয় ।’

সূত্ৰ অনুসৰি, আহমেদাবাদৰ জাইডাছ কেডিলা সংস্থাৰ ‘জাইক’ভ ডি’ প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণাত সমগ্ৰ দেশত ২৮ হেজাৰ ২১৬ জনৰ ওপৰত প্ৰয়োগ কৰা হয় । ক’ভিশ্বিল্ড, ক’ভেক্সিন আৰু স্পুটনিক ভি এই প্ৰতিষেধকসমূহ চিৰিঞ্জৰ জৰিয়তে মাংসপেশীত দিয়া হয়, কিন্তু জাইক’ভ ডি প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে শৰীৰত কোনো হানা খোচাৰ প্ৰয়োজন নাই । ‘ফাৰ্মাজেট’ নামৰ এটা বিশেষ ডিভাইচৰ জৰিয়তে প্ৰতিষেধক শৰীৰৰ ছালৰ ওপৰত দিয়া হয় । পূৰ্বে বিচিজি প্ৰতিষেধক প্ৰদান কৰাৰ দৰে ।

প্ৰতিষেধক বিশেষজ্ঞ আৰু জাইক’ভ ডি প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েলৰ স’তে জড়িত চিকিৎসকসকলে জনায় যে, এম‌আৰ‌এন‌এ প্ৰতিষেধকবিধে শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে প্ৰ’টিন প্ৰস্তুত কৰে । এই ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰে ডিএন‌এ প্ৰতিষেধক । এই প্ৰতিষেধকবিধে শৰীৰত প্ৰৱেশ কৰিয়ে প্ৰথমে এম‌আৰ‌এন‌এ প্ৰস্তুত কৰে । ইয়াৰ পাছত ই ট্ৰান্সমিছন হৈ প্ৰ’টিন প্ৰস্তুত কৰে । যিয়ে ভাইৰাছৰ স্পাইক প্ৰ’টিনক নিষ্ক্ৰিয় কৰে ।

ডিএন‌এ-ৰ জৰিয়তে প্ৰস্তুত কৰা জাইক’ভ ডি প্ৰতিষেধকবিধ সৰ্ব্বোচ্চ ৩০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত ৰাখিব পাৰি । মে’ৰ মাজভাগত এই প্ৰতিষেধকবিধ জৰুৰী ভিত্তিত প্ৰয়োগৰ অনুমোদন পত্ৰৰ বাবে আবেদন জনাব পাৰে সংস্থাই । জাইক’ভ ডি-ৰ প্ৰথম পালি লোৱাৰ ২৮ দিন পাছত দ্বিতীয়টো পালি ল’ব লাগে । ইয়াৰ ৫৬ দিনৰ পাছত তৃতীয়টো পালি ল’ব লাগে ।

স্নেহেন্দুয়ে দাবী কৰে যে, ‘ইয়াৰ দ্বাৰা ইমিউনিটী বুষ্টিং সৱল হ’ব । প্ৰতিষেধকৰ শেষৰ পালিয়ে বুষ্টাৰ হিচাপে কাম কৰিব । ই শৰীৰত প্ৰস্তুত হোৱা ৰোগ প্ৰতিৰোধ ক্ষমতা দীৰ্ঘস্থায়ী কৰিব ।’

Exit mobile version