ড° হিমন্তু বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নৱগঠিত চৰকাৰ খনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিশিষ্ট শিক্ষাবিদ তথা বুদ্ধিজীৱী ৰাজেন্দ্ৰ নাথ ব্ৰহ্ম

ড: হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তি অসমৰ ৰাজনীতিত দ্বিতীয়জন নাই

WhatsApp Image 2021 05 12 at 5.16.16 PM

অসমৰ ৰাজনীতিত ড: হিমন্ত বিশ্ব শৰ্মাৰ দৰে দ্বিতীয় জন ব্যক্তি নাই । তেওঁৰ জাতি জনগোষ্ঠীক লৈ কাম কৰাৰ অভিজ্ঞতা আছে । লগতে তেওঁৰ উপস্থিত বুদ্ধিত কৰ্ম কৰাৰ অভিজ্ঞতাও আছে ।

জনগোষ্ঠীয় যি খিনি দাবী সেই সমুহ শান্তি পূৰ্ণ ভাৱে সমাধান হব বুলি আশা কৰিব পাৰি। সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিশিষ্ট শিক্ষাবিদ ৰাজেন্দ্ৰ নাথ ব্ৰহ্মই এই কথা কোৱাৰ উপৰিও তেওঁ কয় যে , মুখ্যমন্ত্রীৰ শপত গ্রহণ সমাৰোহত বিৰোধী দলৰ মুৰব্বী সকল উপস্থিত থকাটো কোনো ডাঙৰ কথা নহয়।

হিমন্ত বিশ্বই বিটিচিৰ সমস্যা সমুহ সমাধান কৰিব বুলি আশা কৰিব পাৰি । যিহেতু নতুন মুখ্যমন্ত্রী গতিকে সকলোৱে সহযোগ কৰাৰো আহবান জানায় ।

Exit mobile version