ৰক্ত দান জীৱন দান এই উদ্দেশ্য আগত ৰাখি আজি বজালী জিলাৰ অন্তৰ্গত পাঠশালাস্থিত ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ বজালী শাখাৰ উদ্যোগত এক ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰা হয়। বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ সভাপতি ভূপেন্দ্ৰ নাথ তালুকদাৰে আত ধৰা ৰক্ত দান শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে ৷
ADVERTISEMENT
বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সাতজনীয়া চিকিৎসকৰ দলটোৱে বজালী অঞ্চলৰ ভালে কেইগৰাকী ব্যক্তিয়ে এই ৰক্ত দান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সঞ্জীৱ কুমাৰ তালুকদাৰৰ লগতে বিদ্যাৰ্থী পৰিষদৰ নিলম জ্যোতি শালৈ, চুটি বৈশ্যকে ধৰি কে’বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।