ইজৰাইলৰ ৰকেট আক্ৰমণত ১০ হামাছ নেতাৰ মৃত্যুৰ দাবী

609a1c0718c77337e43c86bf

ইজৰাইলৰ ৰকেট আক্ৰমণত হামাছৰ প্ৰথম শাৰীৰ ১০ জন নেতাৰ মৃত্যু হৈছে বুলি দাবী জনাইছে ইজৰাইলৰ সেনাই । সংঘৰ্ষৰ ফলত চহৰৰ বহু ক্ষয়-ক্ষতি হৈছে । বিগত তিনি দিনৰ দুপক্ষৰ সংঘৰ্ষক ২০১৪ৰ যুদ্ধতকৈ অধিক ভয়াবহ বুলি ক’ব পাৰি । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনি গেনেটছে জনায়, ‘দীৰ্ঘকালীন শান্তিৰ বাবে সন্ত্ৰাসবাদী সংগঠনবোৰক সমাপ্ত কৰাৰ কাম কৰিব দেশে ।’

তথ্য অনুসৰি, গাজাত সোমবাৰৰ পৰা আৰম্ভ হোৱা যুদ্ধখনত এই পৰ্যন্ত ৬৭ জনৰ মৃত্যু হৈছে । এই বিষয়ত আমেৰিকাই জনায়, দুদেশৰ মাজত শান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবৰ বাবে আমেৰিকাই মধ্যস্থতা কৰিবলৈ প্ৰস্তুত । প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথাও জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ।

বুধবাৰেইও ইজৰাইলৰ আক্ৰমণত হামাসৰ শীৰ্ষস্থানীয় নেতৃত্বৰ মৃত্যুৰ খবৰ আহিছে । জেৰুজালেম আৰু তেল আভিভত ৰকেট অক্ৰমণ চলাইছে হামাছে ।

Exit mobile version