সমগ্ৰ অসমৰ লগতে আজিৰে পৰা দোতমা অঞ্চলৰ ভাওঁৰাগুৰী, চিথিলা, তুলসীবিল, চৌতাৰা, দোতমা, ফকিৰাগ্ৰাম আদি অঞ্চলত আৰম্ভ হৈছে ক’ভিডৰ নতুন নীতি নিৰ্দেশনা। কোৰ’নাৰ ভয়াবহতাই ক্ৰমে জটিল ৰূপ লোৱা দোতমা অঞ্চলৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিয়লি এক বজাৰ পৰাই বন্ধ হৈ পৰে সকলো দোকান বজাৰ ।
ADVERTISEMENT
এক তলাবন্ধ সদৃশ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ দোতমা অঞ্চলত। দোতমা অঞ্চলৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহত প্ৰশাসনেও বহুত সষ্টম হোৱা পৰিলক্ষিত হৈছে ।
প্ৰশাসনে এক বজাৰ লগে লগে মাইকযোগে ঘোষণা কৰি সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে দুই বজাত সান্ধ্য আইন ঘোষণা হোৱাৰ পাছত যাতে কোনো লোক বাহিৰত ওলাই নাহে তাৰ বাবেও আহ্বান জনায় ।