ক’ভিড ৰোগীৰ বাবে মিনিবাছক এম্বুলেন্সলৈ ৰূপান্তৰ, হাৰিয়ানাৰ নতুন পদক্ষেপ

11 Ambulance Bus 01

কৰ’না পৰিস্থিতিত এম্বুলেন্স সেৱা লাভ কৰা যথেষ্ট কষ্টকৰ হৈ পৰিছে । ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত পৰ্যাপ্ত এম্বুলেন্স পোৱা নাযায় । সেয়ে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ হাৰিয়ানাত কেইখনমান মিনিবাছকে ৰূপান্তৰিত কৰা হ’ল এম্বুলেন্সলৈ । হাৰিয়ানাৰ কাৰ্ণেল ডিপুত বুধবাৰে পাঁচখন মিনিবাছক এম্বুলেন্সলৈ ৰূপান্তৰিত কৰা হয় । পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি জনায় ডিপুৰ মেনেজাৰ কুলদ্বীপ সিঙে ।

তেওঁ কয়, পাঁচখন বাছৰ ভিতৰত চাৰিখনত অক্সিজেনৰ সুবিধা আছে । লগতে পিপিই কিট, ছেনিটাইজাৰসহ অন্যান্য আৱশ্যকীয় সামগ্ৰী ৰখা হৈছে । য’তেই প্ৰয়োজন হ’ব তালৈকে প্ৰেৰণ কৰা হ’ব ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে জনায়, মুঠ ১১০ খন বাছক এম্বুলেন্সলৈ ৰূপান্তৰিত কৰা হ’ব । প্ৰতিখন জিলাত পাঁচখনকৈ বাছ প্ৰদান কৰা হ’ব । লগতে একোখনকৈ এচি বাছো প্ৰদান কৰা হ’ব প্ৰতিটো জিলাত ।

ইপিনে, চেন্নাইত ২৫০ খন মিনি টেক্সিক বিশেষ মিনি এম্বুলেন্সত ৰূপান্তৰিত কৰা হৈছে ।

Exit mobile version