কৰ’নাত আক্রান্ত হলে হ্রাস পাব পাৰে শ্ৰৱণ শক্তি

81650722

প্রধান নানা উপসর্গৰ লগতে নিয়মিতভাৱে কৰ’নাৰ নতুন নতুন উপসর্গ বিজ্ঞানীসকলে চিনাক্ত কৰি আহিছে। শেহতীয়াভাৱে স্বাস্থ্য বিজ্ঞানীয়ে দাবী কৰা মতে, কাণৰ কোনাে সমস্যা বা শ্ৰৱণ শক্তি হ্রাস হােৱাও কৰ’নাৰ সংক্ৰমণৰ এক উপসর্গ।

কেৱল উপসর্গই নহয়, কৰ’নাত আক্রান্ত হােৱাৰ পাছত সুস্থ হলেও কাণৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। কৰ’না ভাইৰাছে মানৱ শৰীৰত বহু ক্ষতি কৰে আৰু ইয়াৰ ভিতৰত স্নায়বিক ক্ষতি অন্যতম।

কৰ’না ৰােগীৰ মাজত দেখা দিয়া অন্যতম এটা সমস্যা হৈছে টিনিটাছ। এই সমস্যাত আক্রান্ত হলে কাণত ‘ভোঁ ভোঁ কৰা শব্দ শুনা যায়। বিশেষকৈ কৰ’নাত সুস্থ হােৱাৰ পাছত ৰােগীৰ মাজত এই সমস্যাই দেখা দিব পাৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, কৰ’নাত আক্রান্ত হােৱাৰ পাছত এজন ব্যক্তিৰ শ্ৰৱণ শক্তি হ্রাস বা বিলােপ হােৱাৰাে যথেষ্ট শংকা আছে। সেয়েহে কৰ’নাত সুস্থ হােৱা ব্যক্তিয়ে শ্ৰৱণজনিত কোনাে সমস্যাত আক্রান্ত হােৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লােৱা জৰুৰী।

Exit mobile version