চিথিলাৰ ঢেপঢেপী গাঁৱত বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু

2b24a7bf c1a4 48d1 9a13 33c862b8be31

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চিথিলাৰ ঢেপঢেপী গাঁৱত আজি দুপৰীয়া বিদ্যুৎপৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয়। আজি ৰাতিপুৱাৰ ভাগত ছফিয়ল আলী (৩৫) নামৰ যুৱকজনে বিদ্যুৎ সংযোগ কৰি মাছ মাৰিবলৈ ওচৰৰ গোঙেয়া নৈত প্ৰস্তুতি চলায়। দুৰ্ভাগ্যবসত পানীত বিদ্যুৎ সংযোগ হৈ যুৱকজনে বিদ্যুৎপৃষ্ট হয়।

ঘটনা সংঘটিত হোৱাৰ পাছত উক্ত গাঁৱৰ এজন শিশুয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে। শিশুটোৰ চিঞৰ শুনি গাঁওবাসীয়ে বিদ্যুৎপৃষ্ট লোকজনক উদ্ধাৰ কৰি দোতমা সমূহীয়া স্বাস্থ্য কেন্দ্রলৈ লৈ যায় । দোতমা সমূহীয়া স্বাস্থ্য কেন্দ্রৰ উপ অধীক্ষক ডক্টৰ বলোৰাম বৰ্মনে পৰীক্ষা নিৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।

চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছত চিথিলা আৰক্ষীয়ে স্বাস্থ্য কেন্দ্রত উপস্থিত হৈ মৃতদেহটো কোকৰাঝাৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

Exit mobile version