দিনটোৰ ৰাশিফল

1620232771 shutterstock 1163159206

মেষ : কর্ম তৎপৰতাৰ থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। ব্যৱসায়ীসকল কোনাে সম্ভাব্য যােগাযােগৰ বাবে চেষ্টা কৰি চাব পাৰে। প্রেমত মতবিৰােধ। বিদ্যাত উৎসাহ। শুভ ৰং ৰঙা।

বৃষ : উদ্বেগৰ মাজেৰে আপুনি কর্ম আৰু যােগাযােগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব। শুভ ৰং বগা।

মিথুন : কোনাে কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হব। বিদ্যাতাে বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা। শৰীৰ বিশেষ ভাল বুলি কব নােৱাৰি। শুভ ৰং নীলা।

কর্কট : আর্থিকত বাধা কম পাব। কিন্তু কোনােৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰাে মধ্যম। পাৰিবাৰিক শুভ। শুভ ৰং সেউজীয়া।

সিংহ: মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থানত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো কক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং পাতল নীলা।

কন্যা : আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থীৰ কিছু বেমাজালি আহিব পাৰে। প্রেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ। শুভ ৰং নীলা।

তুলা : আর্থিক দিশত প্রয়ােজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্র যােগাৰ আশা। বিয়া-বাৰুৰ সংযােগ। শুভ ৰং বগা।

বৃশ্চিক :নিৰাশ কর্মচিন্তা, ভ্রমণাদিৰ যােগ থাকিব। কোনাে অপৰাধীৰ কথাত মত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযােগ পাব। পাৰিবাৰিক শুভ। শুভ ৰং সােণালী।

ধনু: অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায়। কর্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্যত সিমান আনন্দ নাথাকিব। বিদ্যাত শুভ। শুভ ৰং হালধীয়া।

মকৰ : কর্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপ্য সুযােগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্ৰমণত লাভজনক ফল কম। শুভ ৰং মাটিয়া।

কুম্ভ : শিল্প কলাত পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা। দূৰ ভ্ৰমণৰ যােগ।শুভ ৰং ক’লা।

মীন : হাতত লােৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপােনাৰ ভদ্ৰতাৰ বাবে অন প্রভাৱ পেলাব। নতুন কোনাে আশা পূৰণ হ’ব। শুভ ৰং গুলপীয়া।

Exit mobile version