নগাঁও জিলাৰ তপতজুৰি পাহাৰত এজাক বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু

WhatsApp Image 2021 05 13 at 9.28.55 PM

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি নগাঁও জিলাৰ কঠিয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বঢ়মপু্ৰৰ তপতজুৰি পাহাৰত বন্যহস্তীৰ এটা জাকৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী ৰাইজক উদ্বিগ্ন কৰি তুলিছে । নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কঠিয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীণ তপতজুৰিৰ ওখ পাহাৰত আজি পুৱা একাংশ স্থানীয় লোকে খৰি বিচাৰি গৈ চাৰিটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। খবৰটো প্ৰতিৱেশী গাঁৱত বিয়পি পৰাৰ লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ।

ইয়াৰ মাজতে স্থানীয় লোকে এই বিষয়ে নগাঁৱৰ বন বিভাগক অৱগত কৰে । লগে লগে বন বিভাগ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযানৰ আৰম্ভণিতেই দূৰ্গম পাহাৰটোৰৰ য’তে য’তে পৰি থকা অৱস্থাত চাৰিটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰি অভিযান অব্যাহত ৰাখে।

উল্লেখযোগ্য যে, পাহাৰৰ উচ্চ শিখৰত ভিন্ন স্থানত আৰু ১৬ টা বন্য হাতীৰ মৃতদেহ পৰি থকা বুলি স্থানীয় লোকসকলে বন বিভাগৰ দলটোক জানিবলৈ দিছে। পৰৱৰ্তী সময়ত অভিযানকাৰী দলে পাহাৰটোৰ ওপৰত আন ১৬টা বন্যহস্তীৰ মৃতদেহো উদ্ধাৰ কৰা হৈছে ।

বন বিভাগৰ দলটোৱে সন্দেহ কৰা অনুসৰি, কালি নিশা অথবা পৰহি নিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৰ বজ্ৰপাতৰ ফলতে শোকাবহ ভাৱে মৃত্যু ঘটিছে । বাতৰি যুগুত কৰা সময়লৈকে বন বিভাগৰ অভিযানকাৰী দলে ১৮ টা হাতীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বন বিভাগৰ বিষয়াই এই কৰুণ ঘটনাটো সম্পৰ্কে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, এই দুৰ্ভাগ্যজনক ঘটনাটো বজ্ৰপাতৰ ফলতেই সংঘটিত হৈছে। কাৰণ, ঘটনাস্থলীৰ দাঁতিতে চাৰিডাল ডাঙৰ গছ পুৰি যোৱাৰ লগতে গছ কেইজোপা ফালি যোৱা প্ৰত্যক্ষ কৰা হৈছে। সেয়ে বন বিভাগে এই ঘটনাটো প্ৰাকৃতিক দূৰ্যোগৰ ফলতেই সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ইতিমধ্যে বঢ়মপুৰৰ পশু চিকিৎসকৰ এটি দল আহি ঘটনাস্থলীত উপস্থিত হৈছেহি । মৃত হাতীৰ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু মৰনোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতেই প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি বন বিভাগ বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বঢ়মপুৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কন্দলী পাহাৰৰ হায়েংথলৰ ফায়েৰিং ৰেঞ্জৰ গাতে লাগি থকা তপতজুৰি পাহাৰৰ দাঁতিৰ পৰা প্ৰায় দুই কিলোমিটাৰ উচ্চতাত পাহাৰৰ বনাঞ্চলত সংঘটিত এই শোকাৱহ ঘটনাই সম্প্ৰতি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অভূতপূৰ্বভাৱে ইমান সংখ্যক বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ বাতৰি বিয়পি পৰাত নগাঁও জিলাৰ সকলো প্ৰান্তৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হয় ।

তাৎপৰ্যপূৰ্ণ যে, মৃত হাতী কেইটাৰ গোন্ধ ওলোৱাক কেন্দ্ৰ কৰি একাংশ লোকে হাতীৰ জাকটো দুদিন অথবা তিনিদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰিছে । ফলত হাতীৰ মৃতদেহৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈছে । কিন্তু ইয়াৰ বিপৰীতে স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে, কালি নিশা অঞ্চলটোত বতাহ ধুমুহা আৰু ব্ৰজ্ৰপাতৰে বৰষুণ হৈছিল। সেই সময়খিনিত পাহাৰৰ ওপৰত হাতীৰ চিঞৰ তেওঁলোকে শুনিবলৈ পাইছিল। হয়তো হাতীৰ জাকটোৰ একাংশৰ শৰীৰত বজ্ৰপাত পৰাত দুৰ্ভগীয়া হাতীকেইটাই মৰণকাতৰ চিঞৰ মাৰিছিল বুলিও সন্দেহ কৰা হৈছে।

অৱশ্যে বন বিভাগৰ প্ৰকৃত তদন্ত আৰু হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ওলাব বন্যহস্তীৰ জাকটোৰ ৰহস্যজনক মৃত্যুৰ কাৰণ।

Exit mobile version