২-১৮ বছৰ বয়সীয়াসকলৰ শৰীৰত ক’ভেক্সিনৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি দিলে কেন্দ্ৰ‌ই

1593809007 1781

দুই বছৰৰ পৰা ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলৰ শৰীৰত ক্লিনিকেল ট্ৰায়েল কৰাৰ অনুমতি লাভ কৰিলে ভাৰত বায়’টেকে । অনুমতি প্ৰদান কৰিছে ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই । ভাৰত বায়’টেকে জনায়, অতি শীঘ্ৰে এই পৰীক্ষণ আৰম্ভ হ’ব । ৫২৫ জন স্বাস্থ্যসেৱকে এই পৰীক্ষণত অংশগ্ৰহণ কৰিব । বুধবাৰে এই ক্লিনিকেল ট্ৰায়েল চলোৱাৰ অনুমতি বিচাৰি আবেদন কৰে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষজ্ঞৰ দলে ।

কেন্দ্ৰীয় ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেছনৰ বিশেষজ্ঞসকলে ভাৰত বায়’টেকৰ স’তে বৈঠকত মিলিত হয় । বৈঠকৰ পাছতেই শিশুৰ ওপৰত এই দেশীয় প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি দিয়ে ।

ইয়াৰ পূৰ্বে ১২ বছৰ বয়সৰ ঊৰ্ধ্বৰসকলক ক’ভেক্সিন প্ৰদান কৰাৰ অনুমতি লাভ কৰে ভাৰত বায়’টেকে । ইয়াৰ পাছত তেওঁলোকৰ লক্ষ্য আছিল দুইৰ পৰা ১২ বছৰ বয়সীয়াসকলৰ বাবে প্ৰতিষেধক উপলব্ধ কৰা । সেয়ে বহুদিন ধৰি শিশুসকলৰ ওপৰত ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিবৰ বাবে কেন্দ্ৰৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেলক আবেদন কৰি আহিছিল ।

Exit mobile version