আমেৰিকাত বয়স্কতকৈ কৰ’নাত অধিক আক্রান্ত হৈছে শিশু

download 2

আমেৰিকাত ক’ভিড-১৯ৰ সংক্ৰমণ ক্রমে হ্রাস পাবলৈ ধৰিছে যদিও এক নতুন পৰিসংখ্যাই বিশেষজ্ঞসকলক উদ্বিগ্ন কৰি তুলিছে। ব্লুমবার্গৰ প্রতিবেদন অনুসৰি, এপ্রিলৰ আৰম্ভণিতে আমেৰিকাত শিশুৰ মাজত কৰ’নাৰ সংক্রমণ বয়ােজ্যেষ্ঠৰ তুলনাত বৃদ্ধি পাইছিল।

ADVERTISEMENT

এই তথ্য ধৰা পৰাত মার্কিন স্বাস্থ্য বিশেষজ্ঞই আগন্তুক সময়ত শিশুৰ মাজত এই অতিমাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি শংকা প্রকাশ কৰিলে।

উল্লেখ্য যে ভাৰততাে ইতিমধ্যে কে’বাজনাে বিশেষজ্ঞই শিশুৰ মাজত কৰ’নাৰ সংক্রমণ বৃদ্ধি পাব পাৰে বুলি সকীয়নি দি আহিছে।

চেণ্টাৰ ফ’ৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন (চি ডি চি)ৰ তথ্য অনুসৰি, এপ্রিলৰ আৰম্ভণিতে আমেৰিকাত কণমানি শিশুৰ পৰা আৰম্ভ কৰি ১২ বছৰীয়া শিশুৰ মাজত ৬৫ বছৰ ঊর্ধ্বৰ লােকতকৈ কৰ’নাৰ সংক্রমণ অধিক হৈছিল।

বর্তমানেও আমেৰিকাত শিশুসকলৰ মাজত ক’ভিডৰ সংক্রমণ ঊর্ধ্বমুখী হৈছে বুলি চি ডি চিয়ে তথ্য নিশ্চিত কৰিছে। তদুপৰি কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হােৱা ৰােগীৰ সংখ্যাও আমেৰিকাত ক্রমে বৃদ্ধি পাইছে।

কৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত এই নতুন প্ৰৱণতা যথেষ্ট উদ্বেগৰ বিষয় বুলি মত প্রকাশ কৰিছে চি ডি চিয়ে।

Exit mobile version