এইবাৰ উত্তৰ প্রদেশৰ গাঁতৰ পৰা উদ্ধাৰ বহু মৃতদেহ

bodies unnao ani 1620874089

উত্তৰপ্ৰদেশ, মধ্যপ্রদেশ, বিহাৰৰ নদীত মৃতদেহ ভাহি অহাৰ ঘটনাই বিগত কিছুদিন ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। গংগা আৰু যমুনাৰ পানীত ভাহি আহিছিল শতাধিক মৃতদেহ।

এইবাৰ বহুতাে মৃতদেহৰ সন্ধান পােৱা গ’ল নদীৰ পাৰত। এই ঘটনাও সংঘটিত হৈছে যােগীৰ ৰাজ্যৰ উত্তৰপ্ৰদেশত। সম্প্রতি ৰাজ্যখনৰ উন্নাও জিলাৰ গংগাৰ তীৰৰ বালিৰ তুলৰ পৰা উদ্ধাৰ হৈছে বহুতাে মৃতদেহ।

নদীৰ পাৰৰ দুটা স্থানত গাঁত খান্দি পুতি থােৱা অৱস্থাৰ পৰা এই মৃতদেহসমূহ উদ্ধাৰ হৈছে। এইবােৰ কোনাে কৰ’না ৰােগীৰ মৃতদেহ হয় নে নহয়, সেই বিষয়ত প্রশাসনৰ তৰফৰ পৰা এই পর্যন্ত নিশ্চিত কৰা নাই।

স্থানীয় লােকে ম’বাইলত তােলা ফটো আৰু ভিডিঅ’ত দেখা গৈছে, বালিৰ তলত পুতি ৰখা অধিকাংশ মৃতদেহ গেৰুৱা কাপােৰেৰে মেৰিয়াই থােৱা আছে।

জিলাখনৰ এজন উচ্চপদস্থ চৰকাৰী বিষয়াই জনাইছে যে যি দুটা স্থানত মৃতদেহসমূহ পােৱা গৈছে, তাৰ ভিতৰত এটা হৈছে উন্নাও সহ তিনিখন জিলাৰ মানুহৰ অন্যতম সৎকাৰ কেন্দ্র।

উন্নাও উপায়ুক্ত ৰবীন্দ্র কুমাৰে কয়, ‘কিছু লােকে মৃতদেহ পুৰি পেলােৱাৰ পৰিৱর্তে নদীৰ পাৰৰ বালিত পুতি দিয়ে। মৃতদেহ উদ্ধাৰৰ খবৰ পাই মই বিষয়াৰ দল এটা ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছিলাে।

তেওঁলােকক সমগ্র ঘটনা তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিয়া হৈছে। অৱশ্যে মৃতদেহসমূহ কোনাে ক’ভিড ৰােগীৰ হয় নে নহয় এই বিষয়ত কোনাে নিশ্চিত তথ্য নাই বুলি তেওঁ জনাইছে।

আনহাতে, স্থানীয় লােকে ধাৰণা কৰিছে যে চিতাৰ বাবে কাঠৰ অভাৱতে হয়তাে এইদৰে মৃতদেহসমূহ পুতি থােৱা হৈছে।

Exit mobile version