চিকিৎসালয়ত গুৰুতৰভাৱে অসুস্থ হােৱা ক’ভিড ৰােগী,বিশেষকৈ যিসকলক জীৱন ৰক্ষাৰ বাবে অধিক সময় অক্সিজেন দিব লগা হৈছিল; তেনে ৰােগী সুস্থ হৈ ঘৰলৈ উভতি অহাৰ ছমাহ পাছতাে চেৰিব্রেল ‘ষ্ট্র’কত আক্রান্ত হ’ব পাৰে।
এনে ব্যক্তি নানা ধৰণৰ জটিল স্নায়ুজনিত ৰােগত আক্রান্ত হােৱাৰ লগতে হাত-ভৰি, শৰীৰৰ আন অংগ- প্রত্যংগৰ চালনাৰ ক্ষমতা হেৰুৱাব পাৰে।
তদুপৰি আক্রান্ত ব্যক্তিৰ সুস্থ হােৱাৰ পাছতাে যিকোনাে দিনত স্মৃতি শক্তি লােপ পাব পাৰে। দীর্ঘদিন ধৰি চিকিৎসালয়ত থাকি সুস্থ হৈ ঘৰলৈ ওভতা ক’ভিড ৰােগীৰ স্বাস্থ্যৰ সন্দৰ্ভত অধ্যয়ন চলাই এই তথ্য প্রকাশ কৰিলে আমেৰিকাৰ জর্জিয়া ষ্টেট
ইউনিভাৰচিটী আৰু জর্জিয়া ইনষ্টিটিউট অব টেকন’ল’জীৰ গৱেষকে।
এই অধ্যয়নৰ গৱেষণাপত্র প্রকাশ পালে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নিউবায়’লজী অব ষ্ট্ৰেছ’ত।
গৱেষকৰ দলে অধ্যয়ন চলাই লাভ কৰা তথ্য অনুসৰি জটিলভাৱে ক’ৰনাত আক্রান্ত ৰােগী সুস্থ হৈ ঘৰলৈ উভতাৰ ছমাহ পাছতাে নানা গুৰুতৰ স্বাস্থ্য সমস্যাত আক্রান্ত হােৱাৰ সম্ভাৱনা আছে।