কচু শাকৰ পাঁচটা স্বাস্থ্যজনিত উপকাৰিতা

taro leaves 1549350614

★প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী।দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে।

★ৰক্তহীনতা ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন B6 আৰু ফলেট থাকে।

★কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন আৰু আহে কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।আৰু ইয়াত থকা ভিটামিন B6 এ হ’ম’চিষ্টিন নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক হোৱাত বাধা প্ৰদান কৰে।

★ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।

Exit mobile version