বাগসাৰ নতুন বৰলাৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পথ

WhatsApp Image 2021 05 15 at 8.53.33 PM

ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ এই কথা ফাঁকিকেই সৰোগত কৰি বাগসাৰ নতুন বৰলা গাঁওৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আঙুলিয়াপাৰা আৰু ৰাজঘাট ৰাজহ গাঁও সংযোগী ৰাজঘাট গাঁওৰ পথটি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে ৷

স্বাধীনতাৰ ৭০ দশক পাৰ হৈ যোৱাৰ পাছতো কোনো এখন চৰকাৰৰেই চকুত নপৰা গাঁওখনৰ এই পথটি আজি গাঁওখনৰ বাসিন্দা সকলে প্ৰতি ঘৰৰ পৰা সাধ্যানুসাৰে বৰঙনি তুলি প্ৰায় ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে মাটি, শিল, বালি দি যাতায়াত কৰাৰ ক্ষেত্ৰত সূচল কৰি তোলে ৷

বিগত সময়ছোৱাত বোকাপানীৰে ভৰপূৰ হৈ থকা পথছোৱা বহু কষ্টৰে ৰাইজে চলাচল কৰিবলগীয়া হৈছিল ৷ পথটিৰ দুৰাৱস্থাৰ বাবে গাঁওখনলৈ কেতিয়াও এখন এম্বুলেন্সো যাব পৰা নাছিল ৷

নিজৰ গাঁঠিৰ ধন ভাঙি পথছোৱা যাতায়াতৰ বাবে সূচল কৰি তোলা ৰাইজৰ এতিয়া চকু নতুন চৰকাৰখনলৈ ৷ পথছোৱা উন্নত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব নৱগঠিত চৰকাৰখনে৷সেইয়া বাট চাইছে এতিয়া গাঁওবাসীয়ে ৷

Exit mobile version