সন্মুখত পৰিল ৰকেট, কিন্তু পােনপটীয়া বাতৰি পৰিৱেশনত ব্যস্ত মহিলা সাংবাদিক

768 512 11739964 420 11739964 1620861152799

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষৰ বাতৰি প্রতি মুহূর্ততে পৰিৱেশন কৰাৰ বাবে সাংবাদিকসকলে এতিয়া ইজৰাইল সীমান্তত বাহৰ পাতিছে।

নিজৰ জীৱনক বিপদাপন্ন কৰিও অহৰহ সাংবাদিকে এই সংঘৰ্ষৰ বাতৰি প্ৰচাৰ কৰি আহিছে। এইবাৰ এগৰাকী মহিলা সাংবাদিকে গাজাত বাতৰি পৰিবেশন কৰিবলৈ গৈ প্ৰদৰ্শন কৰিলে বিৰল সাহস আৰু কর্তব্যনিষ্ঠা।

ইজৰাইলৰ ৰকেট আক্ৰমণৰ মাজতাে য়মানা অল ছয়ীদ নামৰ মহিলা সাংবাদিক এগৰাকীয়ে পােনপটীয়া বাতৰি সম্প্ৰচাৰ অব্যাহত ৰাখিলে। ইউ এছ টুডেৰ বাতৰি অনুসৰি য়মানা গাজাৰে নিবাসী আৰু তেওঁ ইজৰাইলৰ হৈ সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল।

কেমেৰাৰে পােনপটীয়াকৈ তেওঁ এই যুদ্ধৰ বাতৰি দৰ্শকক যােগান ধৰিছিল। এইদৰে পােনপটীয়া সম্প্রচাৰত ব্যস্ত থকাৰ সময়তে য়’মানাৰ পৰা কিছু দূৰ আঁতৰৰ সন্মুখত এটা ৰকেট আহি পৰিছিল।

কিছু সময়ৰ বাবে সাংবাদিকগৰাকীয়ে ভয় খাইছিল যদিও লগে লগে তেওঁ নিজৰ চম্ভালি পােনপটীয়া বাতৰি সম্প্ৰচাৰ অব্যাহত ৰাখে।

ইচ্ছা কৰা হ’লে য়মানাই বাতৰি পৰিবেশন বন্ধ কৰি উক্ত স্থান ত্যাগ কৰিব পাৰিলেহেঁতেন। কিন্তু নিজৰ কৰ্তব্যত অবিচল সাংবাদিকগৰাকীয়ে পৃষ্ঠভংগ দিয়াৰ পৰিৱর্তে গাজাত সংঘৰ্ষৰ বাতৰি প্ৰচাৰ অব্যাহত ৰাখি বিৰল সাহসৰ পৰিচয় দিলে।

Exit mobile version