গাজাত বোমাবৰ্ষণ অব্যাহত থাকিবঃ নেতানিয়াহু

2021 05 15T124902Z 1077725058 RC2CGN9CEFR4 RTRMADP 3 ISRAEL PALESTINIANS TOWER MEDIA

সপ্তাহজুৰি গাজাত ৰক্তক্ষয়ী যুদ্ধ অব্যাহত আছে । কিন্তু সম্প্ৰতি এই যুদ্ধৰ ইতি পৰাৰ কোনো সম্ভাৱনা নাই । ইতিমধ্যে এই যুদ্ধত প্ৰায় দুশজন লোকে প্ৰাণ হেৰুৱাইছে যদিও নিজ সিদ্ধান্তত অটল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু । প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায়, সম্পূৰ্ণ ধ্বংস নোহোৱা পৰ্যন্ত হামাসৰ বিৰুদ্ধে অভিযান চলাই যাব ইজৰাইলৰ সেনাই ।

বিগত সোমবাৰৰ পৰা হামাছ আৰু ইজৰাইলী সেনাই পৰস্পৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু বোমাবৰ্ষণ চলাই গৈছে । ইয়াকে লৈ ৰাষ্ট্ৰসংঘসহ একাধিক দেশে ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে । যুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ বাৰ্তা দিছে সকলোৱে । এই বিষয়ত নেতানিয়াহুৱে কয়, ‘আমি একো অপৰাধ কৰা নাই । যিয়ে আমাক আক্ৰমণ কৰি আছে, তেওঁলোকেই অপৰাধী ।’

গাজিত ইজৰাইলী সেনাৰ আক্ৰমণত শনিবাৰে আন্তৰ্জাতিক সংবাদ সংস্থা ইউ‌এছ এছোচিয়েট প্ৰেছ আৰু আলজজিৰাৰ ১২ মহলীয়া ভৱন ভাঙি চূড়-মাৰ হৈ যায় । ফলত বিভিন্ন সমালোচনাৰ সন্মুখীন হৈও নেতানিয়াহুৱে কয়, ‘অভিযান অব্যাহত আছে । যিমান দিন প্ৰয়োজন, সিমান দিন অভিযান চলিব । হামাছৰ দৰে ইচ্ছাকৃতভাৱে আমি সাধাৰণ জনতাক লক্ষ্য নাই কৰা । নিৰীহ নাগৰিকসকলৰ পৰিৱৰ্তে সন্ত্ৰাসবাদীসকলকে প্ৰত্যক্ষভাৱে আঘাত কৰিছো ।’

দেওবাৰে পুৱাৰ পৰাই নতুনকৈ গাজাত ৰকেট আৰু বোমাবৰ্ষণ আৰম্ভ কৰিছে ইজৰাইলে । হামাছ নেতৃত্বৰ ঘাটিত আক্ৰমণ কৰা হৈছে বুলি জনায় তেওঁলোকে । অৱশ্যে নেতানিয়াহু‌ই নিৰীহ নাগৰিকসকলৰ প্ৰাণ ৰক্ষা কৰাৰ কথা ক’লেও, সপ্তাহজুৰা যুদ্ধত এই পৰ্যন্ত কমেও ১৪৯ জন নিহত হৈছে, যাৰ ভিতৰত ৪১ টি শিশুও আছে । ১০ ইজৰাইলী নাগৰিকৰো মৃত্যু হৈছে । শ শ লোক আহত হৈছে । দেওবাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জৰুৰী বৈঠক আহ্বান কৰা হৈছে ।

Exit mobile version