গছৰ ওপৰত চোৰ, অভিযুক্তক ধৰিবলৈ গছত উঠিল পুলিচ

1621070880 up

গছত উঠি বহিছে চোৰ । কোনো কাৰণতে গছৰ পৰা নামি নহা হ’ল চুৰটো । গছৰ তলত চোৰটোক ধৰিবলৈ ৰৈ আছে কে’বাজনো পুলিচ ।

তেওঁলোকে বাৰে বাৰে চোৰটোক তললৈ নামি আহিবলৈ কৈ আছে। কিন্তু চোৰটো নামি আহিবলৈ মান্তি হোৱা নাই উল্টাই গছৰ আৰু উপৰলৈহে উঠিবলৈ চেষ্টা চলাই আছে চোৰটোয়ে । বাধ্য হয় এজন পুলিচ উপায় নোহোৱাত উঠিবলৈ ল’লে গছজোপাত। শেহতীয়াকৈ তেনে এটা ভিডি’অ ভাইৰেল হৈছে সমাজিক মাধ্যমত ।

ভিডিঅ’টো অলপতে দীপাংশু কাবৰা নামৰ এজন আইপিএছ বিষয়াই টুইটাৰত প’ষ্ট কৰিছে। ছত্তীশগড়ৰ বিষয়াজনে কয় যে চোৰটোক অৱশেষত গছৰ পৰা আৰক্ষীয়ে নমাই আনিছিল।

অৱশ্যে, ঘটনাটো ক’ত সংঘটিত হৈছিল, গছত উঠি থকা ব্যক্তিজনৰ ওপৰত কি অপৰাধৰ অভিযোগ আছিল সেয়া উল্লেখ কৰা হোৱা নাই।

Exit mobile version