দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত অভিনেত্ৰী প্ৰিয়ংকাৰ স্বামী নিক জোনাছ

nick jonas 1200

দৃশ্যগ্ৰহণ কৰি থকাৰ সময়ত আঘাতপ্ৰাপ্ত হ’ল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী পপ তাৰকা নিক জোনাছ। নিকে শনিবাৰে এটা সৰু পৰ্দাৰ অনুষ্ঠানৰ বাবে দৃশ্যগ্ৰহণ কৰি আছিল। তেতিয়াই তেওঁ হঠাতে আঘাত প্ৰাপ্ত হয় আৰু এম্বুলেন্স মাতি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

নিকৰ আঘাত কিমান গুৰুতৰ সেয়া বৰ্তমানলৈকে জানিব পৰা নাই। কিন্তু দেওবাৰে তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। সোমবাৰে আৰব গানৰ অনুষ্ঠান ‘দ্য ভইচ ৰ কাম পুনৰ আৰম্ভ কৰিব। এইয়াই প্রথম নহয়,২০১৮ বৰ্ষত শৰীৰচৰ্চা কৰোঁতেও হাতত আঘাত পাইছিল নিকে।

নিক বৰ্তমান লছ এঞ্জেলছত আছে। কিন্তু প্ৰিয়ংকা নিজৰ কামৰ সূত্ৰে যোৱা এক বছৰ ধৰি লণ্ডনত আছে। তাত একাধিক চলচ্চিত্ৰ আৰু বহুতো ৱেব চিৰিজৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে প্ৰিয়ংকা ।

Exit mobile version