নিয়মিত গোমূত্ৰ পান কৰিলে কৰ’নাভাইৰাছ নিৰাময় হয়ঃ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ

3d9bd7740267ebb9af76bb57d3d435a8 original

এইবাৰ বিজেপিৰ আন এগৰাকী বিধায়িকাই দিলে ক’ভিড নিৰাময়ৰ উপায় । তেওঁ প্ৰতিদিনে নিৰ্দিষ্ট পৰিমাণৰ গৌমূত্ৰ পান কৰি কৰ’নাভাইৰাছক শৰীৰৰ পৰা আঁতৰাই ৰাখিছে । এই দাবী বিজেপিৰ ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰৰ ।

সোমবাৰে এক দলীয় সভাত তেওঁ কয়, ‘আমি দৈনন্দিন দেশীয় গৰুৰ মূত্ৰ পান কৰিলে ক’ভিড আক্ৰান্ত হাঁওফাঁও সংক্ৰমণ মুক্ত হ’ব । ম‌ইয়ো বহুত যন্ত্ৰণাত আছিলো । কিন্তু এতিয়া নিতৌ গোমূত্ৰ পান কৰো, সেয়ে ম‌ই একো ঔষধ সেৱন কৰিব নালাগে । মোৰ কৰ’নাও নহয় ।’ তেওঁৰ মতে, ‘গোমূত্ৰ হ’ল জীৱনদায়ী’ ।

সকলো সময়তে গেৰুৱা বস্ত্ৰ পৰিধান কৰা প্ৰজ্ঞাই নিজকে সন্যাসী বুলিয়ে সম্বোধন কৰে । গোমূত্ৰৰ প্ৰতি তেওঁৰ গভীৰ আস্থা । বিগত বৰ্ষত তেওঁ দাবী কৰিছিল যে, গোমূত্ৰৰ স’তে গৰুৰ পৰা লাভ কৰা বিভিন্ন উপাদান মিহলি কৰি খাই তেওঁ শৰীৰত সংক্ৰমিত হোৱা কৰ’নাভাইৰাছ নিৰাময় কৰিছিল । অৱশ্যে নিয়মিত গোমূত্ৰ পান কৰা এই সাংসদগৰাকীক বিগত বৰ্ষৰ ডিচেম্বৰত ক’ভিডত আক্ৰান্ত হৈ দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি হোৱা পৰিলক্ষিত হৈছিল ।

প্ৰজ্ঞাৰ লগতে উত্তৰ প্ৰদেশৰ একাধিক বিজেপি বিধায়কে গোমূত্ৰত বিশ্বাস ৰাখে । চলিত মাহৰ আৰম্ভণিতে বিধায়ক সুৰেন্দ্ৰ সিঙে এক গিলাছ ঠাণ্ডা পানীত গোমূত্ৰ মিহলি কৰি সেৱন কৰাৰ পৰামৰ্শ দিছিল । ঠিক একেই দাবী শুনা গৈছিল পশ্চিমবংগৰ বিজেপিৰ ৰাজ্য সভাপতি দিলীপ ঘোষৰ মুখতো ।

বিজেপি নেতাসকলে গোমূত্ৰৰ প্ৰশংসা কৰিলেও গোমূত্ৰৰ পুষ্টিগুণ আৰু কৰ’না প্ৰতিৰোধত ব্যৱহাৰ কিমান বৈজ্ঞানিক, তাক লৈ প্ৰশ্ন উত্থাপিত হয় । চিকিৎসক মহলেও নেতাসকলৰ এই দাবী মানি নলয় ।

Exit mobile version