লিচুৰ কিছুমান আশ্চৰ্যকৰ ব্যৱহাৰৰ বিষয়ে জানিবলৈ পঢ়ক সবিশেষ

360 F 87667398 LLAL0puqZ908kZr2VHl1zXQbdE6HOicZ

লিচু খাবলৈ কোনে ভাল নাপায় ! ৰসাল এই ফলৰ সোৱাদ যিমান, সিমান ইয়াৰ কিছুমান আশ্চৰ্যকৰ গুণ আছে যিবোৰ ৰূপচর্চাৰ বাবে অত্যাৱশ্যকীয়।

ৰোগ প্ৰতিৰোধ আৰু ৰূপচৰ্চাৰ ক্ষেত্ৰত লিচুৰ কিছুমান আশ্চৰ্যকৰ ব্যৱহাৰৰ বিষয়ে জানি লওঁ আহক…

★ লিচুত ফাইটোকেমিকেল থাকে যি এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। এই ফাইটোকেমিকেলবোৰে চকুৰ ছানি প্ৰতিহত কৰাত সহায় কৰে।

★ লিচুত অলিগোনল নামৰ এক উপাদান থাকে যিয়ে শৰীৰত ভাইৰাছ বৃদ্ধি হ’বলৈ নিদিয়ে। শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি হয়।

★ লিচুত নাম মাত্ৰ পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে। গতিকে ওজন বৃদ্ধি ৰ কোনো ভয় নাই।

★ ছালৰ দাগ আঁতৰ কৰাত লিচুৰ ৰস অতি কাৰ্যকৰী! মুখত পাঁচ/ছয়টা লিচু বাকলি গুচাই মুখত লগাই পোন্ধৰ মিনিটৰ বাবে থৈ ধুই দিয়ক। সপ্তাহত কমেও দুই দিন এনে কৰিলে মুখৰ ছালৰ দাগ বোৰ সহজে আঁতৰ হ’ব।

★ চানবাৰ্ণ ছালৰ টেন আঁতৰ কৰাত লিচু ৰস অতি কাৰ্যকৰী! ভিটামিন ই কেপচুলৰ স’তে চাৰি পাঁচটা লিচু পিহি মিহলি কৰক আৰু সেইবোৰ মুখ আৰু হাতত ভৰিৰ টেনৰ স’তে ছালত ভালদৰে মিহলি কৰক। ৩০ মিনিটৰ বাবে এৰি দিয়ক আৰু ঠাণ্ডা পানীৰে ভালদৰে ধুব। যদি আপুনি সপ্তাহত ২-৩ দিন এনে কৰে ছালৰ পার্থক্য দেখিব।

★ ছালৰ কোঁচ আঁতৰাবলৈ আপোনাৰ মুখত লিচুৰ ৰস মিহলি কৰক আৰু ইয়াক দহ মিনিটৰ বাবে এৰি দিয়ক আৰু ধুই দিয়ক ।

Exit mobile version