কৰ’না কালত বাঢ়িছে চাইকেলৰ ব্যৱহাৰ

মাস্ক পৰিধান কৰি চলােৱাটো কিমান নিৰাপদ ?

facemask 6600 280520024838

মটৰ চাইকেলৰ দৌৰাত্মত চাইকেলৰ গুৰুত্ব এসময়ত যথেষ্ট হ্রাস পাইছিল। কৰ’নাৰ বাবে তলাবন্ধ হােৱাৰ পাছৰে পৰা যান-বাহন কমি যােৱাত চাইকেলৰ ব্যৱহাৰ পুনৰ বৃদ্ধি পােৱা পৰিলক্ষিত হৈছে।

কিয়নাে ওচৰৰ স্থানলৈ যােৱাৰ বাবেও পােৱা নাযায় মটৰ চাইকেল বা গাড়ী। সেইবাবেই যােৱা বছৰৰ পৰা বৃদ্ধি পাইছে চাইকেলৰ চাহিদা। যােৱা বছৰ তলাবন্ধ চলি থকাৰ মাজতে এক খবৰ ওলাল যে আমেৰিকাত এজন লােকে মাস্ক পৰিধান কৰি চাইকেল চলাওঁতে হৃদৰােগত আক্রান্ত হয়।

তেতিয়াই প্রশ্ন উঠে যে মাস্ক পৰিধান কৰি চাইকেল চলালে বিপদৰ আশংকা আছে নেকি? পাছত অৱশ্যে জনা গ’ল যে এই হৃদৰােগৰ বাতৰি আছিল ভুৱা। তথাপি এই প্রসংগত আশংকা মাৰ যােৱা নাছিল।

অৱশ্যে এই সন্দৰ্ভত চিকিৎসকসকলে কি কয় ? তলাবন্ধৰ সময়ত পুৱা চাইকেল চলাই বজাৰলৈ যােৱাৰ সময়ত মাস্ক পৰিধান কৰিব পাৰিনে ? চিকিৎসকৰ মতে, মাস্ক নিশ্চিতৰূপে পিন্ধিব লাগিব।

বৰঞ্চ এখন নহয়, দুখন মাস্ক পিন্ধিব লাগিব কিয়নাে যি স্থানত বহু লােকৰ সমাগম ঘটে, তাত মাস্কৰ প্রয়ােজন আছে। কিন্তু অকলে চাইকেল চলাই যােৱা অৱস্তাত আপুনি মাস্ক পৰিধান কৰি থাকিব নে নাই, সেয়া সম্পূর্ণৰূপে নিৰ্ভৰ কৰিব পৰিস্থিতিৰ ওপৰত।

চাইকেল চালনা অতি ভাল শৰীৰচৰ্চা। ইয়াৰ ফলত হৃদযন্ত্র আৰু হাঁওফাঁওৰ ভাল ব্যায়াম হয়। ফলত জোৰত চাইকেল চলােৱাৰ সময়ত শৰীৰে বেছি পৰিমাণে অক্সিজেন বিচাৰে। সেয়ে শ্বাসৰ গতি বাঢ়ি যায়।

তেনে সময়ত মাস্ক পিন্ধি থাকিলে নিঃশ্বাসত কিছু বাধা পাব পাৰে। তাতকৈও ডাঙৰ কথা,সেই সময়ত মুখৰ পৰা প্ৰচুৰ পৰিমাণে ভাপ ওলাই থাকে। তাৰ ফলত মাস্কৰ ছিদ্রসমূহ বন্ধ হৈ অধিক সমস্যাৰ সৃষ্টি কৰে।

সেয়ে অতি বেগত চাইকেল চলােৱাৰ সময়ত মাস্ক পৰিধান কৰি থকাটো অস্বস্তিৰ কাৰণ হৈ পৰিব পাৰে। সম্প্রতি কৰ’না ভাইৰাছে নিজৰ চৰিত্র যথেষ্ট সলনি কৰিছে।।বর্তমানৰ গৱেষণাত কোৱা হৈছে।

যে এই ভাইৰাছ বায়ুবাহিতও হ’ব পাৰে। সেই ক্ষেত্ৰত চাইকেল চলাওঁতে মাস্কখন সম্পূর্ণরূপে খুলি পেলাবও নােৱাৰি। বৰঞ্চ দুখনৰ পৰিৱর্তে এখন মাস্ক পৰিধান কৰিব পাৰে বুলি চিকিৎসকে পৰামর্শ দিছে।

তাৰ লগতে প্লাষ্টিকৰ ফেচশ্বিন্ডাে ব্যৱহাৰ কৰিব পাৰে। চিকিৎসকে মন্তব্য কৰিছে যে আপােনাক দেখিবলৈ কেনে। লাগিছে, সেই কথা এই সময়ত ভাবি মূৰ ঘমাব। মন্থৰ গতিৰে চাইকেল চলােৱাৰ সময়ত বা বজাৰলৈ চাইকেল লৈ গলে যথাসম্ভৱ বেছিকৈ নিৰাপত্তাৰ পর্দা আঁৰি ল’ব। খালি ৰাস্তাত সেয়া কিছু কমাব পাৰে, কিন্তু সম্পূর্ণরূপে ত্যাগ কৰিব নােৱাৰিব।

Exit mobile version