গোসাইগাওঁৰ গৌজনফুৰিত পথ উদ্বোধন

WhatsApp Image 2021 05 19 at 2.00.56 PM

গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত গৌজনফুৰিত চি চি ব্লক পথৰ মুকলি কৰা হয়। গোসাইগাওঁৰ এছ এছ মাৰ্কেটৰ পৰা তিনিআলি লৈ সম্পুর্ন দুই কিলোমিটাৰ পথ চি চি ব্লকলৈ ৰূপান্তৰিত কৰা হয়।

ADVERTISEMENT

উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ছয় নং কচুগাওঁ সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীৰ লগতে স্থানীয় লোক।

পথ মুকলি কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে কয় যে গৌজনফুৰি অঞ্চলৰ ৰাইজৰ বহুদিনীয়া এটা সমস্যা সমাধান হ’ল। লগতে তেওঁ কয় যে প্ৰমোদ বড়ো চৰকাৰখনে সঁচাকৈয়ে পৰিবৰ্তনৰ বাবে কাম কৰি আছে আৰু আগন্তুক দিনতো কৰি যাব ইয়াত কোনো সন্দেহ নাই।

Exit mobile version