জন্ম একেলগে, কৰ’না একেলগে

এদিনৰ ব্যৱধানত মৃত্যু হ’ল যমজ ভাতৃদ্বয়ৰ

covid19 1600x900 1

২৪ বছৰৰ পূর্বে একেলগে জন্ম হৈছিল দুয়ােৰে । একেলগে দুয়াে কৰ’না ভাইৰাছতাে আক্রান্ত হৈছিল । সেইদৰে প্ৰায় একেলগেই ইহসংসাৰক বিদায় দিলে মীৰাটৰ এহাল যমজ ভাতৃয়ে ।

কৰ’নাৰ ফলাফল নিগেটিভ অহাৰ পাছতাে দুই ভাতৃয়ে মাত্র এদিনৰ ব্যৱধানত শেষ নিশ্বাস ত্যাগ কৰা পৰিয়ালত হাহাকাৰ লাগিছে । সুস্থ হােৱাৰ পথতে এই যমজ ভাতৃদ্বয়ৰ মৃত্যু হ’ল ফলাফল নিগেটিভ অহাৰ মাত্র তিনিদিনৰ পাছতে ।

চিকিৎসকে জনাইছে যে কৰ’নাৰ পৰা সুস্থ হৈ উঠাৰ পাছতাে তেওঁলােকৰ ভিতৰি ভিতৰি অসুস্থতা আছিল । তাৰ ফলতে দুয়ােজনৰ মৃত্যু হৈছে । মীৰাটৰ নিবাসী ভার্গিছ গ্রেগৰী আৰু ৰলফ্রেড গ্রেগৰীৰ বয়স হৈছিল ২৪ বছৰ ।

কিছুদিন পূর্বে তেওঁলােকৰ একেলগে কৰ’না পৰীক্ষাৰ ফল পজিটিভ আহে। পহিলা মে’ত দুয়ােকে আনন্দ হাস্পতালত ভর্তি কৰােৱা হয়। তাতে চিকিৎসা চলিছিল ।

যােৱা ১০ মে’ত দুই যমজ ভাতৃৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে আৰু দুয়াে একেলগে ঘৰলৈ উভতি গৈছিল । ইয়াৰ পাছতে এজন ভাতৃৰ সামান্য শ্বাস-প্রশ্বাসৰ সমস্যা আৰম্ভ হয় ।

যােৱা ১৩ মে’ত তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্রুত অৱনতি ঘটে । সেই নিশাই তেওঁৰ মৃত্যু হয় । পাছদিনা পুৱাৰ পৰা আনজন ভাতৃৰাে স্বাস্থ্যৰ দ্রুত অৱনতি ঘটে ।

সেইদিনাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । চিকিৎসকে জনাইছে যে কৰ’নাৰ পৰা সুস্থ হলেও দুয়ােৰে হাঁওফাঁওত সংক্রমণ ভয়ানকভাৱে বিয়পি পৰিছিল । সেই কাৰণেই দুয়ােৰে মৃত্যু হ’ল ।

উল্লেখ্য যে পৰিয়ালৰ আন এজন সন্তানাে সম্প্রতি কৰ’নাত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে ।

Exit mobile version