শিল্পী অৰুণ দাসলৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য

WhatsApp Image 2021 05 19 at 1.23.41 PM

আজি পুৱা ৯:৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া-যুৱকল্যাণ, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰসিদ্ধ সংগীতকাৰ আৰু প্ৰথিতযশা সুকণ্ঠ গায়ক অৰুণ দাসৰ গৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা এক লাখ টকাৰ এক আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

সম্প্ৰতি শিল্পীগৰাকী ক’ভিড অতিমাৰীৰ পৰা মুক্ত হৈছে । অসমৰ সংগীত জগতত এক ব্যতিক্ৰমী কথা-সুৰ আৰু কণ্ঠেৰে শিল্পীগৰাকীয়ে ৯০ৰ দশকত এক আলোড়নৰ সৃষ্টি কৰিছিল ।

সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে অনাগত দিনত চৰকাৰৰ তৰফৰ পৰা শিল্পীগৰাকীলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ কথা ব্যক্ত কৰে । সাহাৰ্য প্ৰদানৰ সময়ছোৱাত মন্ত্ৰীজনৰ স’তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰো উপস্থিত থাকে ।

Exit mobile version