সন্ধান লাভ কৰা নাই নতুন প্ৰজাতিৰ, মুখ্যমন্ত্ৰী কেজৰিৱালৰ টুইট নাকচ কৰিলে ছিংগাপুৰে

S 1 1024x626 1

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি এটা টুইট কৰি জনাইছিল যে, ছিংগাপুৰত কৰ’নাৰ নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে, যি শিশুসকলৰ বাবে ক্ষতিকাৰক । সেয়ে তেওঁ ছিংগাপুৰৰ স’তে বিমান চলাচল বন্ধ কৰাৰো আবেদন জনায় । কেজৰিৱালৰ এই দাবী নাকচ কৰি ছিংগাপুৰে জনায়, তেওঁলোকৰ দেশত কোনো নতুন প্ৰজাতি নাই
। সম্প্ৰতি ছিংগাপুৰত সক্ৰিয় হৈ থকা ভাইৰাছে পূৰ্বেই ভাৰতত প্ৰভাৱ বিস্তাৰ কৰিছে ।

ভাৰতত অৱস্থিত ছিংগাপুৰ দূতাবাসে এক টুইটত জনায়, ‘ছিংগাপুৰত নতুন প্ৰজাতিৰ সন্ধান লাভ কৰাৰ তথ্য সত্য নহয় । পৰীক্ষণত দেখা গৈছে যে, বি.১.৬১৭.২ প্ৰজাতিয়ে সম্প্ৰতি ছিংগাপুৰত প্ৰভাৱ পেলাইছে । শিশুসকলো আক্ৰান্ত হৈছে ।’

ইয়াৰ পূৰ্বে ছিংগাপুৰৰ স্বাস্থ্যমন্ত্ৰী অং য়ে কুঙে এক সংবাদ মেলত কৈছিল, ‘সম্প্ৰতি ছিংগাপুৰত সক্ৰিয় কৰ’নাভাইৰাছত শিশুসকলৰ আক্ৰান্তৰ সম্ভাৱনা অধিক ।’

সংম্প্ৰতি মুখ্যমন্ত্ৰী কেজৰিৱালে জনায়, ‘ছিংগাপুৰত কৰ’নাৰ নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে, যি শিশুসকলৰ বাবে অধিক ক্ষতিকাৰক । ভাৰতত এই প্ৰজাতিয়ে তৃতীয় ঢৌৰ সৃষ্টি কৰিব পাৰে । সেয়ে মোৰ কেন্দ্ৰক আবেদন, ছিংগাপুৰৰ স’তে বিমান সেৱা বন্ধ কৰক আৰু শিশুসকলক প্ৰতিষেধক প্ৰদান কৰক ।’ মুখ্যমন্ত্ৰীগৰাকীৰ এই দাবী নাকচ কৰিলে ছিংগাপুৰে ।

Exit mobile version