গোসাঁইগাঁৱৰ বৰোবাদা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড পৰীক্ষণৰ ব্যৱস্থা

পৰীক্ষা কৰা প্ৰথমজন লোকৰ শৰীৰত ভাইৰাছৰ উপস্থিতি

WhatsApp Image 2021 05 20 at 5.59.09 PM

ৰাজ্যৰ চহৰবোৰৰ লগতে গ্ৰাম্যঞ্চলতো ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে । তাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চলত ক’ভিড ভেকচিন প্ৰদান কৰাৰ লগতে ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা হাতত লৈছে । সেইমৰ্মে গোসাঁইগাঁৱৰ ভিন্ন গ্ৰাম্যঞ্চলত ক’ভিড পৰীক্ষা কৰা পৰিলক্ষিত হৈছে ।

সমান্তৰালকৈ বৰোবাদা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি পুৱাৰ পৰা ছখন গাৱৰ ৰাইজক ক’ভিড পৰীক্ষণ কৰা হৈছে । ৰাইজে যেনেধৰণে সহাঁৰি জনাব লাগিছিল তাৰ তুলনাত অধিকাংশ গাঁওবাসীয়ে আতংকিত হৈ ক’ভিড পৰীক্ষাৰ পৰা বিৰত থাকে বুলি সদৰী কৰে স্বাস্থ্যকৰ্মীয়ে ।

গুৰুফেলা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া অংগৰাজ চেত্ৰীয়ে বৰোবাদা অঞ্চলৰ বিভিন্ন গাঁওবোৰলৈ গৈ ৰাইজক ক’ভিড সম্পৰ্কে সজাগ কৰাৰ লগতে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

প্ৰকৃততে, যিটো সময়ত গ্ৰাম্যঞ্চলত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে, যদি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ক’ভিড পৰীক্ষা কৰিবলৈ নাহিলে দিনকদিনে কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পাব সেয়া নিশ্চিত ।

Exit mobile version