বন্ধ হৈ পৰিব এসময়ৰ জনপ্ৰিয় ৱেব ব্ৰাউজাৰ ‘ইণ্টাৰনেট এক্সপ্লোৰাৰ’

poznan pol jan 30 2020 260nw 1640994640

জনপ্ৰিয় ৱেব ব্ৰাউজাৰ ইণ্টাৰনেট এক্সপ্লোৰাৰ সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাইক্ৰচফ্টে । ২০২২ৰ জুনতে শেষবাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব গ্ৰাহকসকলে । এই কথা জনাইছে মাইক্ৰচফ্টে ।

ৱেব ব্ৰাউজাৰ বুলি ক’লে সৰ্বপ্ৰথমে যাৰ নাম মনলৈ আহে সেইটোৱে হৈছে মাইক্ৰচফ্টৰ ‘ইণ্টাৰনেট এক্সপ্লোৰাৰ’ । কিন্তু সময়ৰ সোঁতত যেন এই ব্ৰাউজাৰে নিজৰ গতি হেৰুৱাই পেলাইছে । ৱেব ব্ৰাউজাৰৰ জগতত সম্প্ৰতি জনপ্ৰিয়তাৰ শিখৰ চোইছে গুগল ক্ৰ’ম, ইউচি-ৰ দৰে ব্ৰাউজাৰবোৰে । মাইক্ৰচফ্টো এটা নতুন ব্ৰাউজাৰ । এই ব্ৰাউজাৰ ‘মাইক্ৰচফ্ট এজ’ক অধিক সক্ৰিয় কৰি তুলিবৰ বাবেই ইণ্টাৰনেট এক্সপ্লোৰাৰক বিদায় দিব মাইক্ৰচফ্টে ।

১৯৯৫ত মাইক্ৰচফ্টে ইণ্টাৰনেট এক্সপ্লোৰাৰ ব্ৰাউজাৰটো মুকলি কৰিছিল । সুদীৰ্ঘ ২৫ বছৰে গ্ৰাহকৰ মন জয় কৰি আহিছে এই ব্ৰাউজাৰে । কিন্তু পৰৱৰ্তী সময়ত পিছ পৰি যায় ব্ৰাউজাৰটো । গ্ৰাহকৰ সংখ্যাও কমিবলৈ লয় । গুগল ক্ৰ’মৰ তুলনাত বহু পিছ পৰি যায় ।

এক্সপ্লোৰাৰৰ জনপ্ৰিয়তা কমি যোৱাৰ বাবে মাইক্ৰচফ্টে ২০১৫ত এজ ব্ৰাউজাৰ মুকলি কৰে । ফলত অধিক ‘ব্ৰাত্য’ হৈ যায় এক্সপ্লোৰাৰ । এইবাৰ মাইক্ৰচফ্টে একেবাৰেই বিদায় দিব এক্সপ্লোৰাৰক । বহু গ্ৰাহকৰ মন জয় কৰা এই ব্ৰাউজাৰ হৈ পৰিব ইতিহাস ।

Exit mobile version