মুম্বাইত ডুবি যোৱা বাৰ্জৰ ৩৮ কৰ্মী নিখোজ

ptf3gk0g barge p305

ঘূৰ্ণিবতাহ টাউতেৰ ফলত আৰৱ সাগৰত ডুবি যায় মুম্বাই হাইৰ তৈলক্ষেত্ৰত তেল উত্তোলনত নিয়োজিত বেচৰকাৰী সংস্থাৰ বাৰ্জ ‘পাপা ৩০৫’ । সেই বাৰ্জৰ ৩৮ জন কৰ্মী এই পৰ্যন্ত নিখোজ হৈ আছে । চাৰিদিন পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাই ।

ঘূৰ্ণিবতাহ টাউতে পশ্চিম উপকূলত আঘাত হানাৰ বাবে মুম্বাই উপকূলৰ পৰা ৩৫ নটিকেল মাইল দূৰত ২৬১ জন আৰোহীৰ স’তে বাৰ্জখন ডুবি যায় । উদ্ধাৰ কাৰ্যৰ বাবে ইতিমধ্যে একাধিক হেলিকপ্টাৰ নমাইছে ভাৰতীয় সেনাবাহিনীয়ে । সন্ধানহীন হৈ থকা সকলৰ কোনো জীৱিত নাই বুলি সন্দেহ কৰা হৈছে ।

বাৰ্জৰ ধ্বংসস্তুপৰ পৰা ইতিমধ্যে ১৮৬ জনক উদ্ধাৰ কৰা হৈছে । ৩৭ টা মৃতদেহ উদ্ধাৰ হৈছে । অৱশ্যে নংগড় চিঙি ওলাই যোৱা দুখন বাৰ্জ উদ্ধাৰ কৰা হৈছে । ইয়াৰে এখনত ১৩৭ জন আৰু আনখনত ২০১জন আৰোহী আছিল । বাৰ্জ দুখনক নিৰাপদ স্থানত তুলি লৈ অনা হয় ।

ডিৰেক্টৰেট জেনেৰেল অৱ শ্বিপিঙে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে । ঘূৰ্ণিবতাহৰ বাবে সতৰ্কতা জাৰি কৰাৰ পাছতো বাৰ্জ কেইখনে কিয় তৈলক্ষেত্ৰত গৈছিল, এই বিষয়ত তদন্ত কৰিব মুম্বাই আৰক্ষীয়ে ।

Exit mobile version