অভিনৱ শুক্লাৰ বাবে ‘খতৰো কে খিলাড়ীৰ’ ১১ তম ছিজনত অংশ গ্ৰহণ নকৰিলে ৰাখী সাৱন্তে

rakhi abhinav story d

অভিনেতা অভিনৱ শুক্লাৰ কাৰণে ‘খতৰো কে খিলাড়ীৰ’ ১১ তম ছিজনত অংশগ্ৰহণ নকৰিলে অভিনেত্ৰী ৰাখী সাৱন্তে ।এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

তেওঁ অনুভৱ কৰে যে যদি তেওঁ অভিনৱৰ স’তে একে ঠাইত থাকে, তেন্তে তেওঁ অভিনেতাজনৰ স’তে সম্পৰ্ক গঢ়ি উঠিব। অভিনৱ বৰ্তমান অনুষ্ঠানটোৰ দৃশ্যগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাত আছে।

কিন্তু পত্নী ৰুবিনা দিলাইক এইবাৰ বিগ বছৰ দৰে তেওঁৰ স’তে নাই। ৰাখীয়ে কয়, “মই সেই অনুষ্ঠানলৈ যাব নিবিচাৰো। ৰুবিনা তাত নাই। যদি অভিনৱ আৰু মোৰ পুনৰ পৰাকীয় প্ৰেম আৰম্ভ কৰোঁ তেন্তে কি হ’ব? কেতিয়া কি হম ক’ব নোৱাৰি!”

ৰাখী বিগ বছৰ ১৪তম ছিজনত ৰুবিনা আৰু অনুভৱৰ সম্পৰ্কৰ মাজত সোমাইছিল । তেওঁ ৰাজহুৱাভাৱে অভিনৱৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল। কেতিয়াবা অভিনৱৰ নাম লিপষ্টিকেৰে লিখি অভিনৱৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল, কেতিয়াবা অভিনেতাজনক শাৰী পিন্ধিবলৈ কৈছিল ৰাখিয়ে। কিন্তু সকলো প্ৰচেষ্টা বিফলতালৈ যায়। অভিনৱে শেষত ৰাখীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিয়া নাছিল।

Exit mobile version