কাহ-হাঁচিৰ জৰিয়তে ১০ মিটাৰলৈকে বিয়পিব পাৰে কৰ’না ভাইৰাছ

man about to sneeze

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা প্রতি মুহূর্ততে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বিধি বৰ্তাই ৰখা অতি জৰুৰী।

কেন্দ্রীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনৰ বিভাগে জাৰি কৰা এলানি নির্দেশনাৱলী অনুসৰি কোনাে ব্যক্তিয়ে কৰনাত আক্ৰান্ত হৈ কাহ-হাঁচি মাৰিলে ১০ মিটাৰ দূৰত্বলৈকে ক’ভিড ভাইৰাছ সংক্রমিত হােৱাৰ শংকা থাকে।

কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ বাবে ৰাঘৱনৰ নেতৃত্বত বিভাগটোৱে জাৰি কৰা পৰামৰ্শৱলীত উল্লেখ কৰা মতে, যিকোনাে কৰ’না আক্রান্ত ৰােগীৰ কাহ আৰু হাঁচিৰ জৰিয়তে এই ভাইৰাছ আনলৈ সংক্রমিত হােৱাৰ সম্ভাৱনা সর্বাধিক হয়।

এজন ক’ভিড ৰােগীয়ে কাহ-হাঁচি মাৰিলে কৰ’না ভাইৰাছ বতাহত ১০ মিটাৰ দূৰত্বলৈকে বিয়পিব পাৰে। এনে পৰিস্থিতিত ক’ভিড আক্ৰান্তৰ লগতে আন সকলাে ব্যক্তিয়ে বর্তমানৰ সময়ত মাস্ক পিন্ধি থকাটো অতি জৰুৰী বুলি ৰাঘৱনে কয়।

তদুপৰি সকলাে লােকে সামাজিক দূৰত্ব বিধি পালন কৰাটো অত্যাৱশ্যকীয়। উপসর্গ নথকা ক’ভিড আক্রান্তৰ কাহ আৰু হাঁচিৰ জৰিয়তেও কৰনা ভাইৰাছ বিয়পি পৰাৰ যথেষ্ট শংকা আছে।

তদুপৰি থু-খেকাৰৰ জৰিয়তেও ক’ভিড ভাইৰাছ সংক্রমিত হ’ব পাৰে বুলি সকীয়নি দি ৰাঘৱনৰ নেতৃত্বত গােটটোৱে কয় যে কৰ’নাৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হ’লে সকলাে সময়তে মাস্ক পৰিধান কৰা আৰু যথা সম্ভৱ সামাজিক দূৰত্ব বর্তাই ৰখা অতি জৰুৰী।

চৰকাৰী কমিটীখনে পৰামর্শ দি কয় যে কৰনাৰ পৰা ৰক্ষা লাভ কৰিবলৈ হ’লে এন ৯৫ মাস্ক অথবা ডাবল মাস্ক পৰিধান কৰা উচিত। কটনৰ মাস্ক ব্যৱহাৰ কৰিলে একেলগে দুখন মাস্ক পৰিধান কৰিবলৈকো কমিটীখনে পৰামর্শ দিছে। কিন্তু ছার্জিকেল মাস্কৰ ক্ষেত্ৰত এখন মাস্ক পৰিধান কৰিলেই প্রয়ােজনীয় সুৰক্ষা লাভ কৰিব পাৰি।

Exit mobile version