সঠিকভাবে মাস্ক পৰিধান কৰিছে দেশৰ মাত্ৰ ১৪ শতাংশ লোকে, চৰকাৰী ৰিপৰ্টত পোৱা গৈছে এই তথ্য

WEB 200714 INDIA MASK442 1594725944977 1734d12ce93 original ratio

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ ফলত দেশত কৰ’না সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পাইছে। মাস্ক পিন্ধাৰ লগতে দূৰত্বৰ বজাই ৰাখিবলৈ নিৰ্দেশ দিছে চৰকাৰে। বিভিন্ন ঠাইত অব্যাহত আছে তলাবন্ধ।

কিন্তু এই পৰিস্থিতিতো দেশৰ প্ৰায় ৫০ শতাংশ লোকে মাস্ক পৰিধান নকৰে। মাস্ক পিন্ধা সকলৰ ৬৪ শতাংশই মাস্কেৰে নাক ঢাকি নাৰাখে। নিয়ম অনুসৰি মাত্ৰ ১৪ শতাংশই মাস্ক পৰিধান কৰে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে, এক সমীক্ষাত এনে ধৰণৰ তথ্য ওলাইছে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লব আগৰৱালে বৃহস্পতিবাৰে এখন সংবাদমেলত কয় যে দেশৰ আঠ খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা এক লাখতকৈও অধিক।

ন খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০হেজাৰৰ পৰা এক লাখৰ ভিতৰত। অৱশ্যে, ১৯ খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০ হেজাৰৰ তলত।

তেওঁ কয়, “কৰ্ণাটক আৰু পশ্চিম বংগৰ দৰে কিছুমান ৰাজ্যত সংক্ৰমণৰ হাৰ ২৫ শতাংশতকৈও অধিক। যিটো চিন্তনীয় বিষয়। এই মুহূৰ্তত, দেশৰ সাত খন ৰাজ্যত সংক্ৰমণৰ হাৰ ২৫ শতাংশতকৈ অধিক। ১৫শতাংশৰ অধিক প্ৰায় ২২খন ৰাজ্যত ।

স্বাস্থ্য মন্ত্ৰণালয়ে এইটোও উল্লেখ কৰিছে যে দেশত কৰ’না পৰীক্ষা পূৰ্বতকৈ বৃদ্ধি পাইছে। দৈনিক সংক্ৰমণৰ হ্ৰাস ১০ সপ্তাহৰ নিৰন্তৰ বৃদ্ধিৰ পাছত যোৱা দুসপ্তাহত দৈনিক সংক্ৰমণৰ হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহিছে।

পৰীক্ষাগাৰে দূৰত্বৰ নিয়ম অনুসৰণ আৰু আজিৰ দিনটোত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মাস্ক পিন্ধাৰ কথা উল্লেখ কৰিছে। তেওঁ কয়, “যোৱা তিনি সপ্তাহ ধৰি দেখা গৈছে যে মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, গুজৰাট, ছত্তীশগড়, বিহাৰ, মধ্য প্ৰদেশ, দিল্লী আৰু ঝাৰখণ্ডত দৈনিক সংক্ৰমণ আৰু সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে। কিন্তু তামিলনাডু, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, ছিকিম, মিজোৰামৰ দৰে ৰাজ্যত সংক্ৰমণ বৃদ্ধি পাইছে ।”

Exit mobile version